ধুবুৰী, 5 জুন :আজি 5 জুন ৷ বিশ্ব পৰিৱেশ দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ বিভিন্ন স্থানত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । ধুবুৰী জিলাৰ বিভিন্ন স্থানত পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস ।
নৰ্থ ইষ্ট এনিমেল প্ৰটেকচন চোচাইটিৰ ধুবুৰী জিলা গোটৰ কৰ্মকৰ্তা সকলে গছপুলি ৰোপণ কৰি পালন কৰিলে বিশ্ব পৰিৱেশ দিৱস । নৰ্থ ইষ্ট এনিমেল প্ৰটেকচন চ'চাইটিৰ ধুবুৰী জিলা গোটৰ সভাপতি আবু নাচেৰ জেলানি আৰু সম্পাদক ছাহানুৰ ইছলামৰ নেতৃত্বত চচাইটিৰ এটা সজাতি দলে ধুবুৰীৰ বিভিন্ন অঞ্চলৰ পথৰ কাষত শতাধিক গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে ।