অসম

assam

ETV Bharat / city

নিৰ্বাচনী হিংসা: অসমত আশ্ৰয় ল’লে পশ্চিমবংগৰ নাগৰিকে - কোচবিহাৰ জিলা

চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাত আৰম্ভ হৈছে নিৰ্বাচনত্তোৰ হিংসা ৷ বহু লোকে নিজ গৃহ এৰি আশ্ৰয় লৈছে অসম-পশ্চিমবংগ সীমান্তৰ গোলকগঞ্জৰ ৰণপাগলীত ।

নিৰ্বাচনী হিংসাঃ অসমত আশ্ৰয় ললে পশ্চিমবংগৰ নাগৰিকে
নিৰ্বাচনী হিংসাঃ অসমত আশ্ৰয় ললে পশ্চিমবংগৰ নাগৰিকে

By

Published : May 4, 2021, 9:18 PM IST

ধুবুৰী,4 মে’: অসমৰ লগতে পশ্চিমবংগতো 2 মে'ত ঘোষণা কৰা হয় নিৰ্বাচনী ফলাফল ৷ পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ নটাকৈ বিধানসভা সমষ্টিৰ সাতটা সমষ্টিতেই বিজেপিয়ে জয় লাভ কৰে ৷ অসমৰ গাতে লাগি থকা তুফানগঞ্জ সমষ্টিত জয়লাভ কৰে বিজেপিৰ প্ৰাৰ্থী মালতী ৰাভাই ।

নিৰ্বাচনী হিংসাঃ অসমত আশ্ৰয় ললে পশ্চিমবংগৰ নাগৰিকে

দুই মে'ত ফলাফল ঘোষণাৰ পিছতেই আক্ৰমণাত্মক হৈ পৰে কোচবিহাৰ জিলাৰ তৃণমূল কংগ্ৰেছৰ কৰ্মীসকল । তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে দিন-দুপৰতে বিজেপি সমৰ্থকক মাৰপিট কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰ লগতে শিশু-মহিলাকো মাৰপিট কৰে কংগ্ৰেছ কৰ্মীসকলে । উপায়বিহীন হৈ ঝাউকুঠী, গোপালেৰকুঠী অঞ্চলৰপৰা বহুলোক অসমত থকা আত্মীয়ৰ ঘৰত আশ্ৰয় ল’ব লগা হয় ৷

ইফালে উক্ত বিষয় সন্দৰ্ভত টুইটাৰযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক নিকৃষ্ট ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনাই কেবিনেট মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

ABOUT THE AUTHOR

...view details