ধুবুৰী, 14 মে' :অসম-পশ্চিমবংগ সীমান্তৰ ৰনপাগলীত উপস্থিত পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ডংখাৰ ৷ পশ্চিম বংগৰ নিৰ্বাচনী হিংসাৰ ফলত পলাই আহি ভাৰতত আশ্ৰয় গ্ৰহণ কৰা লোকসকলৰ বুজ ললে ৰাজ্যপাল গৰাকীয়ে ৷ ৰাজ্যপালক কাষত পাই হুকহুকাই কান্দিলে পশ্চিমবংগৰ ৰাজনৈতিক শৰনাৰ্থী সকলে ৷ পশ্চিম বংগৰ নিৰ্বাচন আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰে পশ্চিমবংগৰ ৰাজ্যপাল গৰাকীয়ে ৷
কোচবিহাৰৰ পৰা আহি শুকুৰবাৰে পুৱা 9 বজাত ৰনপাগলীত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে প্ৰথমতে ৰাজ্য আৰক্ষীৰ গাৰ্ড অফ অনাৰ গ্ৰহণ কৰি পোনে পোনে ৰাজনৈতিক শৰনাৰ্থী সকলৰ সৈতে মত বিনিময় কৰে ৷ ৰাজ্যপালক কাষত পাই হুকহুকাই কান্ধি উঠে পশ্চিমবংগৰ ৰাজনৈতিক শৰনাৰ্থী সকলে ৷ পশ্চিমবংগৰ তৃণমুল বাহিনীৰ আক্ৰমণত একাংশৰ সকলো শেষ হৈ যোৱা বুলি দুঃখ প্ৰকাশ কৰে ৷ নিজ ৰাজ্যলৈ যাবলৈ ভয় গোলকগঞ্জৰ ৰনপাগলীৰ আশ্ৰয় শিবিৰ থকা একাংশৰ ৷