অসম

assam

ঔষধৰ দোকানত ওলাল বৃহৎ অস্ত্ৰ-সস্ত্ৰ !

By

Published : Mar 21, 2020, 4:20 PM IST

ধুবুৰীৰ চৰাঞ্চলত অস্ত্ৰৰ ঝনঝানানি । এখন ঔষধৰ দোকানত সেনা আৰক্ষীৰ অভিযানত ওলাল মাৰণাস্ত্ৰ সহ সজীৱ গুলী ।

ধুবুৰীত সেনা আৰক্ষীৰ যুটীয়া অভিযান
ধুবুৰীত সেনা আৰক্ষীৰ যুটীয়া অভিযান

ধুবুৰী, 21 মাৰ্চ: ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ কাউনবাৰী বজাৰত নিশা সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ হ’ল মাৰণাস্ত্ৰ সহ সজীৱ গুলী ৷ এক গোপন সূত্ৰৰ পমখেদি ধুবুৰী অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ লগতে গৌৰীপুৰ আৰক্ষীৰ এটা দল আৰু পানবাৰী 25 ৰাজপুত ৰেজিমেন্টৰ সেনাৰ এটা দলে অভিযান চলাই কাউনবাৰী বজাৰত থকা দোকানৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ হোৱা দুয়ো হৈছে ভাতৃ ৷

অস্ত্ৰৰ ঝনঝানানি

দুয়ো ক্ৰমে কাউনবাৰী ছেন্টব্লক গাঁৱৰ ওমেদ আলিৰ পুত্ৰ ৰমজান আলি(38) আৰু নজৰুল ইছলাম(35) বুলি জনাইছে আৰক্ষীয়ে । ঔষধৰ দোকানৰ পৰা অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুটা 7.65 MM পিষ্টল, দুটা মেগজিন আৰু চাৰিটা সজীৱগুলী ৷

কিছুদিন পূৰ্বে হোৱা এটা হত্যাকাণ্ডত জড়িত থকাৰ লগতে কোনোবা স্থানত দুষ্কাৰ্য সংঘটিত কৰাৰ বাবে খাপ পিটি আছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । লগতে চৰাঞ্চলত এটা চক্ৰ বিভিন্ন সামাজিক কাৰ্যত লিপ্ত হৈছে বুলি দাবী কৰিছে জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই ।

ধুবুৰীত সেনা আৰক্ষীৰ যুটীয়া অভিযান

ইপিনে কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত আছে নে নাই সেইলৈ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যদিও এতিয়ালৈ কোনো তথ্য পোহৰলৈ অহা নাই বুলি উল্লেখ কৰে আৰক্ষীয়ে । যদিও এই ঘটনাই অঞ্চলজুৰি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে । আৰক্ষীৰ জেৰাৰ অন্তত আৰু কি তথ্য পোহৰলৈ আহে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব ৷

ABOUT THE AUTHOR

...view details