পশ্চিম বিলাসীপাৰা, 25 এপ্ৰিল :বিলাসীপাৰাৰ সাপটগ্ৰামত দেওবাৰে সংঘটিত হয় ভয়ঙ্কৰ পথ দুৰ্ঘটনা(Road Accident in Bilasipara) । সাপটগ্ৰামৰ খুন্দামাৰীত এখন বালি কঢ়িয়াই অনা অভাৰ লোড ডাম্পাৰ আৰু টেম্প'ৰ মাজত হয় মুখামুখি সংঘৰ্ষ । এই ঘটনাত থিতাতে নিহত হয় টেম্প'খনৰ দুজন যাত্ৰী(Two dead in Bilasipara road accident) । আনহাতে গুৰুতৰভাৱে আহত হয় আন এজন যাত্ৰী ।
দুৰ্ঘটনাত থিতাতে নিহত যাত্ৰী দুজন ক্ৰমে বিলাসীপাৰাৰ তুষপাৰাৰ ছায়েদ আলী আৰু শৈলমাৰীৰ কপিল আলী বুলি জানিব পৰা গৈছে । আনহাতে আহত ব্যক্তিজনক মুমূৰ্ষু অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।