অসম

assam

ধুবুৰীত নাও চালক আৰু হেণ্ডিমেনৰ প্ৰশিক্ষণৰ আয়োজন

By

Published : Sep 28, 2021, 1:50 PM IST

নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছতেই যেন সাৰ পাই উঠিছে চৰকাৰ, প্ৰশাসন তথা আভ্যন্তৰীণ জল পৰিবহণ । ধুবুৰীত নাও চালক আৰু হেণ্ডিমেনৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিয়ে ।

training-program-for-boat-driver-and-handymen-to-prevent-boat-accidents-underway-in-dhubri
ধুবুৰীত নাও চালক আৰু হেণ্ডিমেনৰ প্ৰশিক্ষণৰ আয়োজন

ধুবুৰী, 28 ছেপ্টেম্বৰ :যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে পঞ্জীয়নভুক্ত বিভিন্ন নাৱৰ চালক, হেণ্ডিমেন আৰু সহায়কসকলৰ বাবে সোমবাৰৰ পৰা ধুবুৰীত পাঁচদিনীয়াকৈ এটা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে ৷ অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ণ সমিতিৰ উদ্যোগত তথা অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত বিশ্ববেংকৰ পুঁজিৰে পৰিচালিত অসম আভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্পৰ অধীনত এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে ৷

ধুবুৰী জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত আয়োজিত প্ৰশিক্ষণ শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথান এম পিয়ে ৷ প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে কয় যে, নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাৰ পৰৱৰ্তী সময়ত জল পৰিবহণত যাত্ৰীৰ সুৰক্ষাৰ দিশত চৰকাৰ অতিশয় সতৰ্ক হৈছে ৷ ধুবুৰীতো নাৱৰ চালক আৰু হেণ্ডিমেনসকলক প্ৰশিক্ষণ দিয়াটো অতি জৰুৰী হৈ পৰাত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

ধুবুৰীত নাও চালক আৰু হেণ্ডিমেনৰ প্ৰশিক্ষণৰ আয়োজন

প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া উপস্থিত থাকে ৷ তেওঁ অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ শিবিৰত ভাগ ল’লে কেনেধৰণে উপকৃত হ'ব সেই বিষয়ে বুজাই কয় ৷ সোমবাৰৰ প্ৰশিক্ষণ শিবিৰৰ প্ৰথমটো বেটছত প্ৰায় দুই শতাধিক নাৱৰীয়া আৰু হেণ্ডিমেন-সহায়কাৰীয়ে অংশগ্ৰহণ কৰে ৷ তেওঁলোকক দুদিনৰ বাবে প্ৰশিক্ষণ দিয়া হ'ব ৷ বুধবাৰৰ পৰা পৰৱৰ্তী বেটছৰ প্ৰশিক্ষণ আৰম্ভ হ'ব ৷ প্ৰশিক্ষণৰ অন্তত সকলোকে একোখনকৈ প্ৰমাণপত্ৰ দিয়া হ'ব ৷

অৱসৰপ্ৰাপ্ত নৌ সেনা বিষয়া কমলেশ চন্দ্ৰ চৌধুৰীয়ে ভাৰ্ছুৱেল মাধ্যমেৰে নাও চালক-হেণ্ডিমেনসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পৰামৰ্শদাতা তথা অৱসৰপ্ৰাপ্ত নৌ সেনা বিষয়া কেপ্টেইন সৌৰভ খাউণ্ড আৰু আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ সামাজিক উন্নয়ন বিশেষজ্ঞ নবীন শৰ্মাও সমল ব্যক্তি হিচাপে উপস্থিত থাকি নাও চালক আৰু হেণ্ডিমেনসকলক যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে ৷ পৰৱৰ্তী দিনকেইটাতো তেওঁলোকে সুৰক্ষিতভাৱে নাও চালনা, যাত্ৰীৰ সুৰক্ষা, দুৰ্ঘটনা এৰাই চলা, একোখন নাৱত থাকিবলগীয়া নিম্নতম সা-সুবিধা আৰু সেইবোৰৰ ব্যৱহাৰ আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব ৷

লগতে পঢ়ক :30 অক্টোবৰত ৰাজ্যৰ 5 টা সমষ্টিত উপ-নিৰ্বাচন

ABOUT THE AUTHOR

...view details