আগন্তুক 10 দিনত উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাতৰ আশংকা
বাৰিষাৰ শেষৰজাক মৌচুমীৰ আগমনে অহা দহ দিনলৈ প্ৰভাৱিত কৰিব অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ৷ ১৪ আগষ্টলৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত নেৰানেপেৰা বৰষুণৰ জাননী ৷
নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুত জিলিকিল লাভলীনা
ভাৰতবৰ্ষৰ ১৩০ কোটি জনতাৰ হৃদয় জিনা অসমৰ প্ৰথমগৰাকী মহিলা অলম্পিয়ান লাভলীনা বৰগোহাঁইক আদৰিবলৈ এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ ৰাজ্য চৰকাৰে ৰঙা দলিচাৰে লাভলীনাক আদৰণি জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে নিজাববীয়াকৈ চলাইছে প্ৰস্তুতি ৷
দলগাঁৱত এনকাউন্টাৰ: আৰক্ষীৰ গুলিত নিহত আছা বাবু
দলগাওঁ থানাৰ অন্তৰ্গত ধনশিৰিৰ কাষত এনকাউন্টাৰ । পুতি থোৱা গুলিভৰ্তি পিষ্টল হাতত লৈয়েই আৰক্ষীলৈ গুলিচলনা কৰাত প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলিয়াবলৈ বধ্য হয় ডকাইতজনক ৷
জলসিঞ্চন বিভাগৰ বিৰুদ্ধে টিহুত আছুৰ প্ৰতিবাদত
প্ৰতিবাদ নকৰিলে চৰকাৰে নুশুনা ধৰণৰ এক মনোভাৱ বৰ্তমান সময়ত ৰাজ্যত দেখা পোৱা গৈছে ৷ যিকোনো বিষয় সন্দৰ্ভত প্ৰতিবাদ হোৱাতো স্বাভাৱিক হৈ পৰিছে ৷ কিন্তু প্ৰতিবাদ কৰিবলৈ বাধ্য কৰে কোনে ? দুটা কাৰ্যালয়ৰ স্থানান্তৰ কৰণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত বিৰুদ্ধে এইবাৰ প্ৰতিবাদ নলবাৰীত ৷
সাময়িক নিলম্বনৰ পাচত আন এক বিতৰ্কত বিনেশ ফোগট
বিনেশ ফোগটৰ প্ৰশিক্ষণৰ বাবদ ভাৰত চৰকাৰে ব্যয় কৰা 1.3 কোটি টকাৰ সদ ব্যৱহাৰ নোহোৱাৰ অভিযোগ ৷ ভাৰতীয় অলিম্পিক ফেডাৰেশ্যনে নিয়মানুৱৰ্তিতা নমনাৰ বাবে বিনেশক সাময়িকভাৱে নিলম্বন কৰিছে ৷