বিলাসীপাৰা, ১৫ মে': অসমত ক'ৰণাই লৈছে ভয়াৱহ ৰূপ ৷ ধুবুৰী জিলাতো কৰ’ণাৰ ভয়াৱহতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ চাপৰত অব্যাহত আছে ক'ৰণাৰ আতংক ৷
চাপৰৰ তিনিজন ব্যক্তি কৰ’ণাত আক্ৰান্ত - ধুবুৰী জিলা
শনিবাৰে চাপৰত পুনৰ ৩ গৰাকী ব্যক্তিৰ দেহত কৰ’ণাৰ উপস্থিতি ৷ ৰেপিড এন্টিজেন টেষ্ট কৰাৰ পাছত ধৰা পৰে কৰ’ণাৰ উপস্থিতি ৷
![চাপৰৰ তিনিজন ব্যক্তি কৰ’ণাত আক্ৰান্ত চাপৰৰ তিনিজন ব্যক্তি কৰ’ণাত আক্ৰান্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11772267-660-11772267-1621086277704.jpg)
চাপৰৰ তিনিজন ব্যক্তি কৰ’ণাত আক্ৰান্ত
বিগত দিনৰ তুলনাত শনিবাৰে আক্ৰান্তৰ সংখ্যা কিছু নিম্নগামী হৈছে যদিও তিনি জনকৈ ব্যক্তি দেহত কৰ’ণাৰ উপস্থিতি ধৰা পৰে ৷ চাপৰৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে, ৰেপিড এন্টিজেন টেষ্ট কৰাৰ পাছত আটাইকেইজন দেহত ধৰা পৰে কৰ’ণাৰ উপস্থিতি ৷
লগতে পঢ়ক :ক'ভিড: ছুপাৰ স্প্ৰেডাৰ হ'ব পাৰে ৰাজ্যৰ লাখ লাখ শ্ৰমিক