অসম

assam

ETV Bharat / city

ধুবুৰীত গুৰু টেগ বাহাদুৰৰ ৩৪৪তম শ্বহীদ দিৱসৰ প্ৰস্তুতি - ধুবুৰীত গুৰু টেগ বাহাদুৰ শ্বহীদ দিৱস পালন

শিখ ধৰ্মৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় প্ৰতিষ্ঠান ধুবুৰীৰ গুৰুদ্বাৰত ব্যস্ততাপূৰ্ণ পৰিস্থিতি।

teg bahadur swahid divas preparation in Dhubri

By

Published : Oct 24, 2019, 11:33 PM IST

ধুবুৰী, 24 অক্টোবৰ: প্ৰতিবাৰৰ দৰে এইবেলিও তিনিদিনীয়া কাৰ্য্যসূচীৰে নৱম গুৰু টেগ বাহাদুৰ শ্বহীদ দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ধুবুৰীৰ শিখ ধৰ্মীয়লোক সকলে । ধুবুৰী গুৰুদ্বাৰৰ প্ৰবন্ধক গুৰবিন্দৰ সিঙে সদৰী কৰা মতে এইবেলি ২৯, ৩০ নৱেম্বৰ আৰু 1 ডিচেম্বৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে ৩৪৪ তম শ্বহীদ দিৱস পালন কৰা হ'ব। এটা মাহ বাকী থকাৰ সময়তে গুৰুদ্বাৰৰ মেৰামতি আৰু ভিতৰে বাহিৰে ৰং কৰি এক নতুন ৰূপত সজাই তোলাৰ প্ৰয়াস কৰা হৈছে ।

প্ৰতিবাৰেই শ্বহীদ দিৱসত ধুবুৰী জিলাৰ লগতে ৰাজ্য তথা সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ পৰা লাখ ভক্তৰ সমাগম হয়। ইয়াত দিনে-নিশাই চব্বিশ ঘণ্টাই জ্বলি থকা চৌকাত বনোৱা আহাৰ দৈনিক প্ৰায় দহৰ পৰা পোন্ধৰ হাজাৰ লোকে গ্ৰহণ কৰে। দেশৰ ভিন্ন প্ৰান্তৰ পৰা কমেও বিশ হাজাৰ ভক্ত ধুবুৰীলৈ আগমন ঘটে। সেই সকলৰ থকা আৰু খোৱাৰ ব্যৱস্থা কৰা হয় ধুবুৰী গুৰুদ্বাৰৰ ফালৰ পৰা । তিনিদিনীয়া শ্বহীদ দিৱসৰ কাৰ্য্যসূচীত ত্ৰিশৰ পৰা চল্লিশ লাখ টকা খৰচ হয়। যি খৰচ গুৰুদ্বাৰৰ তহবিলৰ পৰাই খৰচ কৰা হয় বুলি উল্লেখ কৰে গুৰুদ্বাৰৰ প্ৰবন্ধক গুৰবিন্দৰ সিঙে । মিলা-প্ৰীতিৰ চানেকিৰে চলি অহা এই উৎসৱকলৈ উৎসুকতাৰে ৰৈ আছে ধুবুৰীৰ শিখ ধৰ্মাম্বলম্বী লোকসকল ৷

ধুবুৰীৰ গুৰুদ্বাৰত শ্বহীদ দিৱসৰ প্ৰস্তুতিৰ ব্যস্ততা

ABOUT THE AUTHOR

...view details