অসম

assam

ETV Bharat / city

পাকিস্তানৰ যুদ্ধবিৰতি উলংঘনঃ শ্বহীদ অসমৰ বীৰ জোৱান - পাকিস্তানৰ যুদ্ধবিৰতি উলংঘণঃ শ্বহীদ অসমৰ বীৰ জোৱান

যুদ্ধবিৰতি উলংঘা কৰি পুনৰ পাক সেনাৰ ভয়ংকৰ আক্ৰমণ । উৰিত হোৱা গুলিবৰ্ষণত শ্বহীদ বীৰ অসম সন্তান হৰধন ৰায় ৷ স্থলসেনাৰ 59 ফিল্ড আৰ্টিলাৰী ৰেজিমেন্টৰ জোৱান আছিল হৰধন ৷

পাকিস্তানৰ দ্বাৰা সংঘটিত যুদ্ধবিৰতি উলংঘণত শ্বহীদ অসমৰ বীৰ জোৱান
পাকিস্তানৰ দ্বাৰা সংঘটিত যুদ্ধবিৰতি উলংঘণত শ্বহীদ অসমৰ বীৰ জোৱান

By

Published : Nov 14, 2020, 6:44 AM IST

Updated : Nov 14, 2020, 7:20 AM IST

ধুবুৰী, 14 নৱেম্বৰ :শীতৰ আগমণৰ লগে লগেই নিয়ন্ত্ৰণৰেখাত আৰম্ভ হয় পাকিস্তান সেনাৰ ভয়ংকৰ যুদ্ধবিৰতি উলংঘন ৷ মূলত বৰফ পৰাৰ আগে আগেই জম্মু-কাশ্মীৰলৈ সন্ত্ৰাসবাদী প্ৰেৰণৰ বাবে এইদৰে নিৰ্বিচাৰে যুদ্ধবিৰতি উলংঘণ কৰে পাক সেনাই ৷

শ্বহীদ বীৰ অসম সন্তান হৰধন ৰায়

শুকুৰবাৰে জম্মু-কাশ্মীৰৰ ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বহুকেইটা ছেক্টৰত পাকিস্তান ৰেঞ্জাৰে যুদ্ধবিৰতি উলংঘন কৰাৰ লগতে আক্ৰমণৰ লক্ষ্য কৰি লয় ভাৰতীয় গাঁওসমূহ ৷ পাকিস্তানৰ দ্বাৰা সংঘটিত এই গুলিবৰ্ষণত শ্বহীদ হয় ভাৰতীয় সেনাত কৰ্মৰত অসমৰ এগৰাকী বীৰ জোৱান ৷ উৰিত হোৱা যুদ্ধবিৰতি উলংঘণত শ্বহীদ হয় ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ মেধিপাৰা ফুটকীবাৰীৰ হৰধন ৰায় নামৰ সৈনিকজন ৷ পৰিয়ালৰ একমাত্ৰ সন্তান হৰধনে 2001 চনত ভাৰতীয় স্থলসেনাৰ 59 ফিল্ড আৰ্টিলাৰী ৰেজিমেন্টত যোগদান কৰিছিল ৷ দিৱালীৰ প্ৰাকক্ষণত সংঘটিত এই ঘটনাৰ পিচতেই শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ বিলাসীপাৰা ৷ স্থলসেনাৰ শীৰ্ষ সূত্ৰই জনোৱা মতে,শনিবাৰৰ ভিতৰত শ্বহীদ হৰধন ৰায়ৰ নশ্বৰ দেহ অসমলৈ বুলি প্ৰেৰণ কৰা হ'ব ৷

উল্লেখ্য যে,শুকুৰবাৰে ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিয়ন্ত্ৰণৰেখাৰ দাৱাৰ,কেৰণ,উৰি,গুৰেজ আৰু নৌগাম ছেক্টৰত অৱধাৰিতভাৱে যুদ্ধবিৰতি উলংঘণ কৰে পাকিস্তানী সেনাই ৷ পাকিস্তানী সেনাৰ এই আক্ৰমণত ভাৰতীয় সেনাৰ পাঁচগৰাকী জোৱানকে ধৰি বিএছএফৰ এগৰাকী উপ-পৰিদৰ্শক শ্বহীদ হয় ৷ আনহাতে গুৰেজ ছেক্টৰৰ সমীপৰ এখন গাঁওৰ 3 গৰাকী অসামৰিক নাগৰিকো পাকিস্তানী সেনাৰ আক্ৰমণত নিহত হয় ৷

পাকিস্তানী সেনাৰ এই নিৰ্বিচাৰ আক্ৰমণৰ প্ৰত্য়ুত্তৰ ভাৰতীয় সেনাই কৰা আক্ৰমণত 16 গৰাকী পাকিস্তানী সেনা নিহত হয় যাৰ ভিতৰত 3গৰাকী এছএছজি কামাণ্ডো আছে বুলি স্থলসেনাই প্ৰকাশ কৰিছে ৷ ভাৰতীয় সেনাৰ আৰ্টি আৰু এমএমজি আক্ৰমণত পাকিস্তানৰ 11 গৰাকী সৈনিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তানী সেনাৰ অস্ত্ৰভাণ্ডাৰকে ধৰি ইন্ধনভাণ্ডাৰ আৰু সন্ত্ৰাসবাদী প্ৰশিক্ষণ কেন্দ্ৰ ধ্বংসপ্ৰাপ্ত হয় ৷

চলিত বৰ্ষত এতিয়ালৈকে পাকিস্তানে 4,052 বাৰ যুদ্ধবিৰতি চুক্তি উলংঘণ কৰিছে ৷ ইয়াৰ ভিতৰত কেৱল অক্টোৱৰ আৰু নৱেম্বৰতে ক্ৰমে 394 বাৰ আৰু 128 বাৰ যুদ্ধবিৰতি উলংঘণ কৰিছে ৷

লগতে পঢ়ক :সেনা জোৱানৰ সৈতে দিপাৱলী পালন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Last Updated : Nov 14, 2020, 7:20 AM IST

ABOUT THE AUTHOR

...view details