ধুবুৰী,5 জুলাইঃ পানীয়ে প্ৰাণীৰ প্ৰাণ । পানী অবিহনে সম্ভৱ নহয় মানৱ জীৱন, কিন্তু একেসময়তে এটুপি পানীৰ বাবে দৈনিক সংঘৰ্ষ কৰিবলগীয়া হৈছে ধুবুৰী জিলাৰ হাজাৰীঝৰ্ণা গাঁৱৰ ৰাইজে । জিলাখনৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই গাঁওখনৰ বাসিন্দা ৪০০ টা পৰিয়াল । ধুবুৰীৰ পৰা মাথোঁ ২০ কিলোমিটাৰ দূৰত অৱস্থিত এই গাঁওখন বিগত ৫০ বছৰে পানীৰ মৌলিক সুবিধাৰ পৰাও বঞ্চিত । এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে প্ৰত্যক দিনাই পৰিয়াল সমূহৰ মাজত লাগে হুৱা-দুৱা । হাতত বাল্টি, কলহ লৈ এক কিলোমিটাৰতকৈ অধিক দূৰত্ব খোজকাঢ়ি অঞ্চলটোৰ একমাত্ৰ দমকলটোৰ পৰা সকলোৱে সংগ্ৰহ কৰে পানী । সেয়া তেওঁলোকৰ খোৱাপানীৰ লগতে ৰন্ধা-বঢ়া, গা ধোৱা, বাচন-বৰ্তন ধোৱা আদি সকলো কামৰ বাবে প্ৰয়োজনীয় পানী ।
পানীৰ সংকটত জৰ্জৰিত এখন গাঁৱৰ কথাৰে... - পানীৰ সংকট
এটুপি পানীৰ বাবে হাহাকাৰ ধুবুৰী জিলাৰ এখন গাঁৱত । 50 বছৰে গাঁওবাসীক প্ৰতাৰণা জনপ্ৰতিনিধিৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেষ ভৰষা ৰাইজৰ ৷
পাহাৰীয়া বাবে অঞ্চলটোত পানী পাবলৈ হ’লে বহু গভীৰলৈ খান্দিব লাগে, যাৰ খৰছ প্ৰায় ৩০/৪০ হাজাৰ টকাৰ ৷ মূলত দিন হাজিৰা নাইবা আন সৰু সুৰা কাম কৰি জীৱন নিৰ্বাহ কৰা গাঁওখনৰ অধিকাংশ পৰিয়ালৰে নাই সেই সামৰ্থ । বহু বছৰ পূৰ্বে পৰিয়ালবোৰে চান্দা তুলি বহুৱা দমকলটো এতিয়াও গাঁৱৰ ৰাইজৰ একমাত্ৰ ভৰসা । ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ ওপৰত গাঁওখনৰ ৰাইজ এতিয়া বাৰুকৈয়ে ক্ষুব্ধ । ৰাইজৰ অভিযোগ যে নিৰ্বাচন আহিলেই নেতাই ভোটৰ লোভত প্ৰত্যকবাৰ পানীৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু সময়ৰ লগে লগে ফুটুকাৰ ফেনত পৰিণত হয় তেওঁলোকৰ প্ৰতিশ্ৰুতি । ৰাইজৰ খবৰ ল’বলৈ আজিলৈকে সময় নাপালে প্ৰশাসন অথবা সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষই ৷ শেষত ৰাইজৰ এতিয়া অন্তিম ভৰসা প্ৰধানমন্ত্ৰী মোডী । প্ৰধানমন্ত্ৰীৰ সাম্প্ৰতিক স্থিতিয়ে পুনৰ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব বুলি ৰাইজ আশাবাদী ।