অসম

assam

ETV Bharat / city

পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ বিধায়ক ৱাজেদ আলীৰ বিৰুদ্ধে - পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ বিধায়ক ৱাজেদ আলীৰ বিৰুদ্ধে

ধুবুৰী জিলা গড়কাপ্তানি পথ সংমণ্ডলৰ কাৰ্য্যালয়ৰ গ্ৰামীণ পথ নিৰ্মান বিভাগৰ অধীনত বন্দিহানা আৰু মাজেৰচৰ সংযোগী পথ নিৰ্মাণত সংঘটিত হৈছে এই দুৰ্নীতি । 2019-20 বিত্তীয় বৰ্ষত উক্ত পথ মেৰামতিৰ বাবে বিভাগে আৱণ্টন দিছিল 69 লাখ 77 হেজাৰ 833 টকা । কিন্তু কামৰ ঠিকা লাভ কৰা ঠিকাদাৰ আব্দুল গফুৰে আঁচনি বহিৰ্ভূতভাৱে কাম কৰি যোৱাৰ অভিযোগ উঠিছে । পথটোত অতি নিম্নমানৰ কাম কৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে ঠিকাদাৰৰ লগতে স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে ।

পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ বিধায়ক ৱাজেদ আলীৰ বিৰুদ্ধে
পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ বিধায়ক ৱাজেদ আলীৰ বিৰুদ্ধে

By

Published : Jun 15, 2020, 12:38 AM IST

ধুবুৰী, 14 জুন :ধুবুৰীৰ জৰুৱাৰ চৰ পঞ্চায়তত পথ মেৰামতিৰ নামত দুৰ্নীতিৰ অভিযোগত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । আঁচনি মতেই কাম সম্পন্ন কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহে শতাধিক ৰাইজ । চৰকাৰ আৰু স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে পথ নিৰ্মাণত দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ ৰাইজৰ অভিযোগ অনুসৰি, পথ মেৰামতিৰ নামত ঠিকাদাৰে চলাইছে ব্যাপক দুৰ্নীতি । নিজৰ ইচ্ছামতেই ঠিকাদাৰ আব্দুল গফুৰে চলাই নিছে প্ৰায় সত্তৰ লাখ টকাৰ কাম ।

উল্লেখযোগ্য যে, দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ ঢাক ঢোল বজোৱা সোণোৱাল চৰকাৰৰ শাসনত ৰাজ্যত পোহৰলৈ আহিছে এটাৰ পিচত আনটো ভয়াৱহ দুৰ্নীতি । ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ জৰুৱাৰচৰতো স্থানীয় ৰাইজে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে । স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে ৰাইজে দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে ৷ সমান্তৰালকৈ ঠিকাদাৰ আৰু চৰকাৰৰ বিৰুদ্ধে ৰাইজে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰাইজৰ অভিযোগ অনুসৰি, ৰাইজৰ দাবীক আওকান কৰি ঠিকাদাৰ আব্দুল গফুৰে নিজৰ ইচ্ছামতে বিধায়ক ৱাজেদ আলী চৌধুৰীৰ সৈতে মিলি চলাই গৈছে দুৰ্নীতি ৷ পথ নিৰ্মাণৰ নীতি-নিয়ম উলংঘণ কৰি মাটিৰ ওপৰত সামান্য শিলগুটি ছটিয়াই পথ মেৰামতি কৰিয়ে সমগ্ৰ ধন আত্মসাৎ কৰিব বিছাৰিছে বিতৰ্কিত ঠিকাদাৰ আব্দুল গফুৰে ৷ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ত বাৰম্বাৰ অভিযোগ প্ৰদান কৰিছে যদিও এতিয়ালৈ গড়কাপ্তানি বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৰাইজৰ অভিযোগক ৷

পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ বিধায়ক ৱাজেদ আলীৰ বিৰুদ্ধে

ধুবুৰী জিলা গড়কাপ্তানি পথ সংমণ্ডলৰ কাৰ্য্যালয়ৰ গ্ৰামীণ পথ নিৰ্মান বিভাগৰ অধীনত বন্দিহানা আৰু মাজেৰচৰ সংযোগী পথ নিৰ্মাণত সংঘটিত হৈছে এই দুৰ্নীতি । 2019-20 বিত্তীয় বৰ্ষত উক্ত পথ মেৰামতিৰ বাবে বিভাগে আৱণ্টন দিছিল 69 লাখ 77 হেজাৰ 833 টকা । কিন্তু কামৰ ঠিকা লাভ কৰা ঠিকাদাৰ আব্দুল গফুৰে আঁচনি বহিৰ্ভূতভাৱে কাম কৰি যোৱাৰ অভিযোগ উঠিছে । পথটোত অতি নিম্নমানৰ কাম কৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে ঠিকাদাৰৰ লগতে স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে ।

লগতে পঢ়কঃধুবুৰী জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত পাম্পচে'ট কেলেংকাৰী, গ্ৰেপ্তাৰ ঠিকাদাৰ

ABOUT THE AUTHOR

...view details