অসম

assam

মোৰ বন্ধু হিমন্তই ভয় খাইছে: ৰকিবুল হুছেইন

By

Published : Apr 2, 2021, 1:56 PM IST

ধুবুৰীত মহাজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন । মহাজোঁটৰ প্ৰাৰ্থী নজৰুল হকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ একালৰ বন্ধু হিমন্তক তুলাধুনা ৰকিবুলৰ ।

মোৰ বন্ধুজনে ভয় খাইছে : ৰকিবুল হুছেইন
মোৰ বন্ধুজনে ভয় খাইছে : ৰকিবুল হুছেইন

ধুবুৰী, 2 এপ্ৰিল: ধুবুৰীৰ ঝাগৰাৰপাৰ অঞ্চলত বৃহস্পতিবাৰে নিশা মহাজোঁটবন্ধনৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় । মহাজোঁটৰ প্ৰাৰ্থী নজৰুল হকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । ৰকিবুল হুছেইনে ভাষণত টাৰ্গেট কৰে লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । হিমন্তক বন্ধু বুলি সম্বোধন কৰি ৰকিবুলে কয়, মোৰ বন্ধুজমৰ মূখখনেই কয় , এইবাৰ তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে ৷ হাৰিব বাবেই বিভিন্ন জনক গালি গলাজ কৰা আৰম্ভ কৰিছে তেওঁ ।

মোৰ বন্ধুজনে ভয় খাইছে : ৰকিবুল হুছেইন

ইপিনে হিমন্তৰ দৃষ্টিত পৰা মোবাইল টৰ্চ জ্বলাবলৈ সভাত উপস্থিত ৰাইজক আহ্বান জনাই কয়, মোবাইল টৰ্চ মোৰ বন্ধুৰ চকুত পৰিলেই টালি টোপোলা বান্ধি তেওঁ দিছপুৰ এৰি পলাব । ইপিনে হিমন্তৰ প্ৰতি আন্তৰিকতা থকাৰ বাবে এটা সময়ত হিমন্তক কংগ্ৰেছলৈ নিয়াৰ কথা ভাবিছিল যদিওঁ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক লেং মৰাৰ চেষ্টা কৰা বাবেই কংগ্ৰেছলৈ নিয়া নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৰকিবুলে ।

আনহাতে, হাগ্ৰামাক ভীতিগ্ৰস্ত কৰাৰ বাবেই তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে বুলি কৈ হিমন্ত লৈ ৰকিবুলে ভয় কৰে বুলিও উল্লেখ কৰে । নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা হিমন্তৰ লগতে আন নেতা সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান ৰকিবুলৰ । ইপিনে মুখ্যমন্ত্ৰী হ’বলৈ দৌৰি থকা হিমন্তৰ প্ৰসংগ উপস্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চকী খন কাটি থব পাৰে বুলি মন্তব্য কৰে ৰকিবুলে । আনহাতে হিমন্তৰ নিৰ্বাচনী নৃত্যকো সমালোচনা কৰে ৰকিবুলে ।

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাৰ লগত কেনে ধৰণৰ মিতিৰালি ভাস্কৰ জ্যোতি মহন্তৰ !

ABOUT THE AUTHOR

...view details