ধুবুৰী, 17মেঃ ধুবুৰী জিলাৰ মানকাচৰ কঠালবাৰীত লক ডাউনৰ মাজতে বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। গ্ৰাহকৰ জমা ধন লুণ্ঠন কৰা গুৰুতৰ অভিযোগ কেন্দ্ৰটোৰ স্বতাধিকাৰী আবু হানিফ শেখৰ বিৰুদ্ধে গ্ৰাহক সকলৰ ৷
ধুবুৰীত গ্ৰাহক সেৱা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - গ্ৰাহক সেৱা কেন্দ্ৰ
মানকাচৰৰ কঠালবাৰীত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত ব্যাপক অনিয়মৰ অভিযোগ তুলিছে গ্ৰাহকে। শতাধিক উত্তেজিত ৰাইজে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ।
লক ডাউনৰ সময়তে মানকাচাৰৰ কঠালবাৰীত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ তুলিছে গ্ৰাহকে। শতাধিক উত্তেজিত ৰাইজে ঘেৰাও কৰিলে উক্ত কেন্দ্ৰটো ৷ ফলত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। উল্লেখ্য যে, গ্ৰাহক সেৱা কেন্দ্ৰটোৰ স্বতাধিকাৰী আবু হানিফ শেখে গ্ৰাহকৰ জমা ধন হৰলুকি কৰাৰ লগতে টকা উঠাই দিওতে কমিচন লোৱাৰ অভিযোগ তুলিছে গ্ৰাহকে। আনকি গ্ৰাহক সেৱা কেন্দ্ৰটোৰ স্বতাধিকাৰী আবু হানিফ শেখে নিজে মাস্ক পৰিধান নকৰাকৈ সামাজিক দুৰত্ব বজাই নাৰাখি লক ডাউনৰ নীতি নিয়ম উলংঘা কৰি শ শ গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে, যি সময়ত মাস্ক পৰিধান নকৰিলে জৰিমনা লোৱাৰ ঘোষণা কৰিছে প্ৰশাসন তথা চৰকাৰে, ঠিক এনে সময়তে লক ডাউন উলংঘা কৰি গ্ৰাহকৰ ধন হৰলুকি তথা গ্ৰাহকৰ পৰা কমিচন লৈ জমা ধন মুকলি কৰি দিয়ে গ্ৰাহকক ৷ কেন্দ্ৰটোৰ স্বতাধিকাৰী আবু হানিফ শেখৰ বিৰুদ্ধে অতি শীঘ্ৰে বিহীত ব্যৱস্থা ল'বলৈ প্ৰশাসন তথা চৰকাৰক দাবী জনাইছে গ্ৰাহক আৰু সচেতন ৰাইজে ।
লগতে পঢ়ক- অৰুণাচলৰ লংডিঙত সেনাৰ গুলীত নিহত ১, আহত ৫