ধুবুৰী, 9 ডিচেম্বৰ : ধুবুৰীৰ ৰাজপথত উত্তাল প্ৰতিবাদ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ । এইবাৰ ন্যায় বিচাৰি ধুবুৰীৰ ৰাজপথলৈ ওলাই প্ৰতিবাদী সমদল উলিওৱাৰ উপৰিও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে(College student protest in Dhuburi) । ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ এই উত্তাল প্ৰতিবাদ । দৰাচলতে বুধবাৰে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক দূৰ্বৃত্তৰ দল এটাই প্ৰহাৰ কৰা ঘটনাক লৈ ক্ষুদ্ধ হৈ পৰিছে ছাত্ৰ–ছাত্ৰীসকল(Attack on college girl in Dhuburi ) ।
আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ-ছাত্ৰী সকলে(Protest against Attack on college girl in Dhuburi ) । উল্লেখ্য যে, ভোলানাথ মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীক প্ৰায় এমাহমান পূৰ্বে দুৰ্বৃত্তৰ দল এটাই যাত্ৰীবাহী টেম্পোৰ পৰা নমাই আক্ৰমণ কৰাৰ এক ঘটনা সংঘটিত হৈছিল ৰাজপথত(Attack on student of BN college Dhuburi) । উক্ত ঘটনাক কেন্দ্ৰ কৰি ছাত্ৰীগৰাকীয়ে দাখিল কৰিছিল এজাহাৰ ৷ কিন্তু, এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে আক্ৰমণকাৰী দলটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উত্থাপিত হৈছে অভিযোগ ।