অসম

assam

ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে বিচাৰো: মহিবুল হক - বিধান সভা

2021 চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলটোৱে সাংঘাটিকভাৱে বিফল হৈছে ৷ সেই কাৰণে নৈতিক দায়িত্ব স্বীকাৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু অসম প্ৰদেশ কংগ্ৰেছ দলৰ প্ৰভাৰি জিতেন্দ্ৰ সিঙকো দলৰ পৰা বহিস্কাৰ কৰিবলৈ এক সংবাদমেলযোগে দাবী তোলে প্ৰাক্তন মন্ত্ৰী মহিবুল হকে।

press meet held by Ex minister Mahibul Hauqe in Dhubri
হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে বিচাৰোঃ প্ৰাক্তন মন্ত্ৰী মহিবুল হক

By

Published : May 5, 2021, 7:44 AM IST

ধুবুৰী, মে': ৰাজ্যৰ বিধান সভা নিৰ্বাচন 2021ত বিজেপি মিত্ৰজোঁটে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতেই চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে । যদিও মুখ্যমন্ত্ৰী পদকলৈ এতিয়া সৰৱ চৰ্চা চলিছে অসমৰ ৰাজনীতিত। তেনে সময়তে মঙলবাৰে ধুবুৰীত এখন সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী মহিবুল হকে ৷

সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে দাবী উত্থাপন কৰে কংগ্ৰেছ নেতা মহিবুল হকে। তেওঁৰ মতে অসম খনৰ জটিল পৰিস্থিতিত সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এজন অভিজ্ঞ, বিচক্ষণতাশীল, দক্ষ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব লাগে । ইপিনে কংগ্ৰেছ চৰকাৰৰ দিনতেই ষোল্ল বছৰ পূৰ্বে কংগ্ৰেছৰ মন্ত্ৰী থকা দিনতেই মহিবুল হকে ডo হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰি কংগ্ৰেছ হাই কমাণ্ডৰ ওচৰত আবেদন কৰিছিল বুলি উল্লেখ কৰে মহিবুল হকে।

হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে বিচাৰোঃ প্ৰাক্তন মন্ত্ৰী মহিবুল হক

ইপিনে অসমত কংগ্ৰেছৰ বিপৰ্যয়ৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই পদত্যাগ কৰিছে। সেই প্ৰসংগ উপস্থাপন কৰি ৰিপুন বৰাৰ বাবেই অসমত কংগ্ৰেছৰ এই অৱস্থা হৈছে বুলি সংবাদমেলত দাবী কৰে ৷

কংগ্ৰেছৰ পৰা ৰিপুন বৰাই পদত্যাগ কৰিলেই নহ'ব বুলি কোৱাৰ উপৰিও 'বৰাক' কংগ্ৰেছ দলৰ সদস্য পদৰ পৰা বহিস্কাৰৰ দাবী কৰিলে মহিবুল হকে। একেদৰে নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙকো পদত্যাগৰ দাবী জনোৱাৰ লগতে দলৰ পৰা বহিস্কাৰৰ দাবী জনালে জ্যেষ্ঠ কংগ্ৰেছ নেতা মহিবুল হকে।

আনহাতে, অসমত পূৰ্বে কোনো সাম্প্ৰদায়িকতাৰ ৰাজনীতি নাছিল যদিও বদৰুদ্দিন আজমলে ২০০৬ চনত অসমৰ ৰাজনীতিত সম্প্ৰদায়িকতাৰ জন্ম দিছিল বুলিও অভিযোগ উত্থাপন কৰাৰ লগতে অসমৰ সংখ্যালঘু লোক সকলক সময় থাকোতেই ৰাজনীতিৰ ক্ষেত্ৰত বিশেষভাবে চিন্তা কৰিবলৈ আহ্বান জনালে মহিবুল হকে।

লগতে পঢ়ক-অধিক ভয়াৱহ হ’ব দেশৰ ক’ভিড পৰিস্থিতি

ABOUT THE AUTHOR

...view details