অসম

assam

By

Published : Aug 8, 2020, 7:31 PM IST

ETV Bharat / city

দক্ষিণ শালমাৰাত আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু

দক্ষিণ শালমাৰাত জব্দ চোৰাং গৰু । গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী । বাংলাদেশলৈ চোৰাং ভাৱে চালান দিয়াৰ সময়তে নদী পথত আৰক্ষীৰ অভিযান ।

দক্ষিণ শালমাৰাত আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু
দক্ষিণ শালমাৰাত আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু

ধুবুৰী, 8 আগষ্ট:ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা ৷ দক্ষিণ শালমাৰা মানকাচৰ জিলা সীমান্তই দি অব্যাহত আছে গৰুৰ চোৰাং কাৰবাৰ । শনিবাৰে নদী পথত দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই 44 টাকৈ চোৰাং গৰু সহ তিনিজন চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

দক্ষিণ শালমাৰাত জব্দ চোৰাং গৰু

দীৰ্ঘদিন ধৰি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলা সীমান্তই দি বাংলাদেশলৈ অবাধে চলাই থকা হৈছে গৰুৰ চোৰাং সৰবৰাহ । দক্ষিণ শালমাৰাৰ বিভিন্ন পাৰঘাটৰ পৰা গৰু সমূহ নাঁওত উঠাই লৈ যোৱা হয় সীমান্ত অঞ্চললৈ । তাৰ পিছতেই উন্মুক্ত নদী পথেৰে চালান দিয়া হয় বাংলাদেশলৈ ।

গ্ৰেপ্তাৰ তিনি গৰু সৰবৰাহকাৰী

শনিবাৰে দক্ষিণ শালমাৰা আৰক্ষীয়ে এনে এক গোপন সূএৰ পম খেদি দক্ষিণ শালমাৰা সমষ্টিৰ বাবাডোবা অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ পাৰঘাটৰ পৰা 44 টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে তিনিজন গৰুৰ চোৰাং সৰবৰাহকাৰী ক্ৰমে মজিবৰ ৰহমান, হাবিল উদ্দিন আৰু আজাদ আলীক গ্ৰেপ্তাৰ কৰে । ধৃত গৰুৰ চোৰাং সৰবৰাহকাৰী কেইজন দক্ষিণ শালমাৰা সমষ্টিৰ পোৰাৰচৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে । এতিয়াও দক্ষিণ শালমাৰা আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

লগতে চাওক-বাংলাদেশী তুষ্টিকৰণত অতিকে সক্ৰিয় সোণোৱাল : উপমন্যু হাজৰিকা

ABOUT THE AUTHOR

...view details