বিলাসীপাৰা, 16 জুন :ৰাজ্যত ড্ৰাগছ, অবৈধ সৰবৰাবকাৰী, জুৱাৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ ধুবুৰী জিলাৰ বিলাসীপাৰাত অবৈধ জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ অভিযান কালত 9 জনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, বিলাসীপাৰা চহৰৰ 3 নম্বৰ ৱাৰ্ডত জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে জুৱাৰী কেইজনক ৷
বিলাসীপাৰাত ৯ জনকৈ জুৱাৰীক আটক - bilasipara gambler news
ড্ৰাগছ, অবৈধ সৰবৰাহ, জুৱা আদিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ৷ বিলাসীপাৰা চহৰৰ 3 নম্বৰ ৱাৰ্ডত জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে 9 জনকৈ জুৱাৰী ৷
আটকাধীন জুৱাৰী কেইটা ক্ৰমে দিপু পোদ্দাৰ, চৈয়দ জামাল, দীপক সাহা, ছাহিদুৰ ইছলাম, ফিৰোজ খান, ৰাজা ছিদ্দিক, আব্দুল আলম, সানু হুছেইন, ৰেজ্জাক বেপাৰী ৷ সম্প্ৰতি জুৱাৰী কেইজনক অধিক তথ্যৰ বাবে বিলাসীপাৰা আৰক্ষীৰ জিম্মাত ৰাখিছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বিগত দিনকেইটাত ধুবুৰী আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ড্ৰাগছ, অবৈধ সুৰা, অবৈধভাৱে শিল-বালি কঢ়িওৱা ট্ৰাকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷
লগতে পঢ়ক :দলৰ সংকট: এআইচিচিৰ সম্পাদক ভূপেন বৰাই কি ক'লে ইটিভি ভাৰতক