পঞ্চম আৰু অষ্টম শ্ৰেণীত হ’ব বছেৰেকীয়া পৰীক্ষা : অনুত্তীৰ্ণই পঢ়িব লাগিব আগৰ শ্ৰেণীতে
পুনৰ প্ৰৱৰ্তন হ'ব উত্তীৰ্ণ আৰু অনুত্তীৰ্ণ ব্যৱস্থা । এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব (students will not automatically promoted to next class) । সংৰক্ষণ কৰা হ'ব প্ৰতিমা পাণ্ডে বৰুৱাৰ ঘৰটো । কাৰ্বি লাম্পীৰ ২৪ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে ৩০০ কোটি টকা অনুমোদন । শক্তি বিভাগৰ পেঞ্চনাৰসকলক পেঞ্চন দিয়াৰ বাবে ২৮৪ কোটি টকা মুকলি ।
2022 বৰ্ষৰ শান্তিৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা
বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী এলেচ বিয়ালিয়াটস্কি আৰু ৰাছিয়ান গ্ৰুপ মেম'ৰিয়েল আৰু ইউক্ৰেনীয় চেণ্টাৰ ফ’ৰ চিভিল লিবাৰ্টিজক প্ৰদান কৰা হৈছে চলিত বৰ্ষৰ শান্তিৰ ন’বেল বঁটা (Nobel Peace Prize awarded to Belarus rights activist) ৷
জম্মু-কাশ্মীৰ আৰক্ষীৰ জালত হাইব্ৰিড সন্ত্ৰাসবাদী: অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ
নিৰাপত্তাৰক্ষীৰ দলে হেফখুৰী মালদাৰা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে হাইব্ৰিড সন্ত্ৰাসবাদীটোক । সন্ত্ৰাসবাদীটোৰ পৰা আৰক্ষীয়ে সজীৱ গুলীসহ এটা পিষ্টল আৰু ৯ মিমি কেলিবাৰৰ ১২ টা সক্ৰিয় কাৰ্টিজ উদ্ধাৰ কৰে(Arms And Ammunition Recovered) ৷
অষ্টমীঘাটত চাফাই অভিযান কোকৰাঝাৰ ডিপোৰোড পূজা কমিটীৰ
কোকৰাঝাৰ ডিপো ৰোড দুৰ্গা পূজা কমিটীৰ প্ৰশংসনীয় পদক্ষেপ (Durga Puja 2022) ৷ কোকৰাঝাৰ চহৰৰ গৌৰাং নদীৰ দুৰ্গা পূজা বিসৰ্জনথলী অষ্টমীঘাটত চাফাই অভিযান (Cleanliness drive at Ashtamighat in Kokrajhar) ৷
শাৰদীয় দুৰ্গোৎসৱৰ উচাহৰ মাজতে ৰাজ্যত ৬৪৩ টা পথ দুর্ঘটনা
মৃত্যুঞ্জয় ১০৮ সেৱাৰ তথ্য মতে ৰাজ্যত ষষ্ঠীৰ দিনা ৭৭ টা, সপ্তমীৰ দিনা ১১৯ টা, অষ্টমীৰ দিনা ১২৮ টা, নৱমীৰ দিনা ১৭২ টা আৰু দশমীৰ দিনা ১৪৭ টা পথ দুৰ্ঘটনা সংঘটিত হয় । কামৰূপ জিলাত সৰ্বাধিক ৭৫ টা পথ দুৰ্ঘটনা (Highest road accident in Kamrup during puja)। গুৱাহাটীত সংঘটিত হয় ২৬ টা পথ দুর্ঘটনা । বিগত বৰ্ষত পূজাৰ সময়ত ৰাজ্যত ৫৪১ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল ।