অসম

assam

ETV Bharat / city

বজৰংগ দলৰ অসম বন্ধ,প্ৰভাৱ মিশ্ৰিত - অভয়াপুৰীত সৰ্বাত্মক বন্ধৰ প্ৰভাৱ

নাগৰিক পঞ্জীত কেইবা লক্ষ হিন্দু নাগৰিকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ তীব্ৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যতে ৰাষ্ট্ৰীয় বজৰং দল আৰু আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদে যুটীয়াভাৱে অসম বন্ধৰ আহ্বান জনাইছে ৷ পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ বন্ধৰ আহ্বান জনোৱা হয় ৷ এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰে অসমৰ বিভিন্ন অঞ্চলত ৷

ৰাজ্যৰ বিভিন্ন অঞ্চলত অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ

By

Published : Sep 6, 2019, 1:28 PM IST

নিউজ ডেস্ক, 6 ছেপ্তেম্বৰ :নাগৰিক পঞ্জীত কেইবা লক্ষ হিন্দু নাগৰিকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ তীব্ৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যতে ৰাষ্ট্ৰীয় বজৰং দল আৰু আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদে যুটীয়াভাৱে অসম বন্ধৰ আহ্বান জনাইছে ৷ বৰাকৰ বিভিন্ন ঠাইত অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ পুৱাৰ ভাগত দোকান - পোহাৰ, বজাৰ আদি বন্ধ দেখা গৈছিল যদিও পৰৱৰ্তী সময়ত লাহে লাহে দোকান সমূহ খুলিবলৈ আৰম্ভ কৰা হয় ৷

এই বন্ধত মিশ্ৰিত প্ৰভাৱ পৰা দেখা গৈছে বিলাসীপাৰাত ৷ পুৱা 5 বজাৰ পৰা বিলাসীপাৰাত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয় ৷ কিন্তু দিনৰ দহ বজাৰ পৰা লঘু বাহনকে ধৰি দোকান - পোহাৰ খোলা আৰম্ভ হয় ৷ ইয়াৰোপৰি, বন্ধ সমৰ্থকে বিলাসীপাৰা চহৰৰ গান্ধী চকত টায়াৰ জ্বলোৱাও প্ৰত্যক্ষ কৰা হয় ৷ টায়াৰ জব্দ কৰাৰ লগতে 6 জন বন্ধ সমৰ্থকক আটক কৰে আৰক্ষীয়ে ৷

ৰাজ্যৰ বিভিন্ন অঞ্চলত অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ

আনহাতে, অসম বন্ধৰ কোনো প্ৰভাৱ পৰা নাই ডিমা হাছাও জিলাত ৷ বন্ধৰ আহ্বানত জিলাখনৰ সদৰ হাফলং, মাইবাং, মাহুৰ, হাৰেংগাজাও, দিয়ুংমুখ উমৰাংচো, লাংটিং, হাতীখালি অঞ্চলত কোনো প্ৰভাৱ পৰা দেখা নগ'ল ৷ পাহাৰীয়া জিলাখনত অফিচ, আদালত, চৰকাৰী - বেচৰকাৰী প্ৰতিষ্ঠান, স্কুল - কলেজ আদি খোলা আছিল ৷

সৰ্বাত্মক বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয় ৰঙাপৰাত ৷ পুৱা 5 বজাৰ পৰা জনোৱা বন্ধৰ আহ্বানত বন্ধ থাকে শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান, চৰকাৰী - বেচৰকাৰী কাৰ্যালয় আৰু ব্যাহত হৈ পৰে যান - বাহনৰ চলাচল ৷

অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হয় ধুবুৰী জিলাত ৷ ডাঙৰ যান - বাহনৰ চলাচল বন্ধ থকাৰ বিপৰীতে সৰুসুৰা যান - বাহনৰ চলাচল অব্যাহত থাকে ৷ ঠায়ে ঠায়ে দুই এখন দোকান - পোহাৰ বন্ধ থাকে যদিও বেছিভাগ দোকান - পোহৰ খোলা থাকে ৷ ইপিনে ধুবুৰীৰ বজৰং দলৰ প্ৰায় শতাধিক বন্ধ সমৰ্থকে 'জয় শ্ৰী ৰাম' ধ্বনিৰে উত্তাল কৰি তোলে ধুবুৰী চহৰৰ পৰিৱেশ ৷ দোকান - পোহৰ আৰু বেংক বন্ধ কৰাৰ প্ৰচেষ্টা চলোৱা সমৰ্থকক ধুবুৰী আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে আটক কৰে 48 জনক ৷

দোকান - পোহাৰৰ পৰা আৰম্ভ কৰি বিদ্যালয় সমূহ বন্ধ পৰিলক্ষিত হয় কৰিমগঞ্জ জিলাত ৷ স্তব্ধ হৈ পৰিছে যান - বাহনৰ চলাচল ৷ বন্ধ সমৰ্থকে এনআৰচিক 'ক'লা এনআৰচি' বুলি আখ্যা দিয়ে আৰু কয় যে, 18 লাখ বাদ পৰা লোকৰ 12 লাখেই হিন্দু লোক ৷

বাক্সাত ৰাষ্ট্ৰীয় বজৰ‌ং দলৰ অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱা পৰিলক্ষিত হৈছে ৷ ৰাষ্ট্ৰীয় বজৰ‌ং দলৰ সদস্য সকলে ৰঙিয়া - ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তামুলপুৰৰ গোৰেশ্বৰ চকত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ তামুলপুৰ, মুছলপুৰ, গোৰেশ্বৰ আদি ঠাইসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷

আংশিকভাৱে বন্ধৰ প্ৰভাৱ পৰে ৰঙিয়াতো ৷ বন্ধৰ সময়ছোৱাত ৰঙিয়াৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ দোকান - পোহাৰসমূহ বন্ধ হৈ পৰা দেখা যায় ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত অতি কমসংখ্যক গাড়ীৰ চলাচল পৰিলক্ষিত হয় ৷

অভয়াপুৰীত সৰ্বাত্মক বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে যদিও বিশ্বনাথত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে ৷

ABOUT THE AUTHOR

...view details