ধুবুৰী, 9 জুলাই:কাইলৈ ইছলামধৰ্মী ৰাইজৰ ঈদ-উল-আজহা বা বকৰি ঈদ ৷ এই ঈদৰ প্ৰাকক্ষণতে গো-মাংসৰ ওপৰত চৰকাৰে প্ৰত্যক্ষভাৱে অনা নিষেধাজ্ঞাই ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Assam govt issued directives on sacrifice of Eid-ul-Adha)। বিজেপি নেতৃত্বাধীন চৰকাৰখনে ইছলামধৰ্মী লোকসকলৰ বকৰি ঈদৰ কুৰ্বানিৰ (Kurbani In Eid-Ul-Adha)ওপৰত হস্তক্ষেপ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
তাৰ মাজতে কেইদিনমান পূৰ্বে মৌলানা বদৰুদ্দিন আজমলে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই গো মাংস খোৱা বুলি এক অভিযোগ উত্থাপন কৰিছিল (Badruddin Ajmal alleged that Kamalakhya Dey Purkayastha ate beef) ৷ যাৰ বিৰুদ্ধে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই শুকুৰবাৰে কৰিমগঞ্জ সদৰ আৰক্ষী থানাত আজমলৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ৷
শুকুৰবাৰে ধুবুৰী মেডিকেল কলেজৰ কামকাজৰ বুজ ল’বলৈ গৈ মন্ত্ৰী কেশৱ মহন্তই এই ঈদৰ প্ৰাকক্ষণত কুৰ্বানিক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত এয়া সংবাদ মাধ্যমৰহে সৃষ্টি বুলি উল্লেখ কৰে (Minister Keshab Mahanta reacts on Kurbani In Eid-Ul-Adha ) ৷ লগতে কুৰ্বানিক লৈ ক’তো বিতৰ্ক হোৱা নাই বুলি মন্তব্য কৰি চৰকাৰী আইন মতেই কুৰ্বানি হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।