পূৱ বিলাসীপাৰা, 22 ছেপ্টেম্বৰ : পূৱ বিলাসীপাৰাৰ চাপৰত সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আৰেয়াৰঝাৰস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত অসম চৰকাৰৰ ভৈয়াম জনজাতি মন্ত্ৰী চন্দন ব্ৰহ্মৰ পুত্তলিকা দাহ কৰে সদৌ কলিতা ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিয়ে ৷
মন্ত্ৰী চন্দন ব্ৰহ্মৰ পুত্তলিকা দাহ কলিতা ছাত্ৰ সন্থাৰ - সদ্য ঘোষিত কমতাপুৰ স্বায়ত্ব পৰিষদ
পূৱ বিলাসীপাৰাৰ চাপৰত অসম চৰকাৰৰ ভৈয়াম জনজাতি মন্ত্ৰী চন্দন ব্ৰহ্মৰ পুত্তলিকা দাহ সদৌ কলিতা ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ ৷
মন্ত্ৰী চন্দন ব্ৰহ্মৰ পুত্তলিকা দাহ কলিতা ছাত্ৰ সন্থাৰ
সংগঠনটোৱে দাবী কৰে যে, সদ্য ঘোষিত কমতাপুৰ স্বায়ত্ব পৰিষদত কলিতা জনগোষ্ঠীৰ লগতে অন্যান্য ক্ষুদ্ৰ ক্ষুদ্ৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে 50 শতাংশ আসন সংৰক্ষণ আৰু কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ কৰিব লাগে । প্ৰায় 30 মিনিট সময় ৰাষ্ট্ৰীয় ঘাইপথত এইদৰে প্ৰতিবাদ কৰাৰ ফলত তীব্ৰ যান-যঁটৰ সৃষ্টি হয় ।
লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় গঁড় দিৱসঃ কাইলৈ মুক্তি পাব কেভিন পিটাৰচেনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ