অসম

assam

ETV Bharat / city

মানকাচৰত মেঘালয়ৰ বাঢ়নী পানীৰ কালৰূপ

মানকাচৰত মেঘালয়ৰ বাঢ়নী পানীয়ে লৈছে কালৰূপ । মুহূৰ্ততে বুৰাই পেলাইছে মানকাচৰৰ বিস্তীৰ্ণ অঞ্চল । বানত উটি গল বিশাল বাঁহৰ সাঁকো ।

Mancachar Villagers Under Water because of Increasing water level in Meghalaya Garo Hills
Mancachar Villagers Under Water because of Increasing water level in Meghalaya Garo Hills

By

Published : Jul 21, 2020, 8:43 PM IST

মানকাচৰ, 21 জুলাই: মানকাচৰৰ কালাপানীত বানৰ ভয়ংকৰ ৰূপ । ধাৰাষাৰ বৰষুণৰ ফলত মানকাচৰৰ কালাপানীৰ বিস্তীৰ্ণ অঞ্চলত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ তাণ্ডৱলীলা ৷ অঞ্চলটোৰ একমাত্ৰ ৰিং বান্ধ ভাঙি যোৱাত এতিয়া জলমগ্ন কেইবাখনো গাঁও ৷

মানকাচৰত মেঘালয়ৰ বাঢ়নী পানীৰ কালৰূপ

বান্ধ চিঙি যোৱাৰ ফলত মানকাচৰৰ স্থানীয় লোকৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ আনকি বানে উটুৱাই নিয়ে মানকাচৰৰ কালাপানী-লক্ষীশৰীফ সংযোগী একমাত্ৰ বাঁহৰ সাঁকোও ৷ কালাপানী আৰক্ষী চকীৰ লগতে এতিয়া বিস্তীৰ্ণ অঞ্চল পানীৰ তলত ।

মানকাচৰৰ কালাপানী-লক্ষীশৰীফ সংযোগী বাঁহৰ সাঁকো

আনহাতে স্থানীয় ৰাইজৰ অভিযোগ, বানাক্ৰান্তৰ খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ ৷

লগতে পঢ়ক :কন্যা সন্তান জন্ম হোৱাৰ বাবে আত্মহত্যা দম্পতীৰ

ABOUT THE AUTHOR

...view details