ধুবুৰী, 21 ছেপ্টেম্বৰ:বুধবাৰে ধুবুৰীৰ অতিৰিক্ত ন্যায়িক দণ্ডাধীশ আৰু স্পেচিয়েল পকছো আদালতে ধৰ্ষণৰ গোচৰৰ এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে । এগৰাকী ধৰ্ষণকাৰী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ১ লাখ টকাৰ জৰিমনা বিহা ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে (Man gets sentenced to life imprisonment for rape) ।
ধুবুৰীৰ তামাৰহাটৰ অতুল বিশ্বাস নামৰ এজন লোকে বিগত 2021 চনৰ ৩১ আগষ্টৰ সন্ধিয়া এগৰাকী ১১ বছৰীয়া নাবালিকাক বলপূৰ্বকভাৱে বলৎকাৰ কৰিছিল । ধৰ্ষণৰ পিছত এশ টকা আৰু এটা চিপছৰ পেকেট দি মুখ বন্ধ কৰাৰ চেষ্টা কৰিছিল অতুল বিশ্বাস নামৰ লম্পটজনে ( Rape case in Dhubri) । তাৰ উপৰিও ধৰ্ষিতা নাবালিকাৰ লগতে ভুক্তভোগী পৰিয়ালটোক হত্যাৰ ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল অভিযুক্ত অতুল বিশ্বাসৰ বিৰুদ্ধে ।