অসম

assam

ETV Bharat / city

ধুবুৰীত ছাত্ৰী অপহৰণ

ধৃত অপহৰণকাৰী ছাত্ৰক আটক কৰি আদালতলৈ প্ৰেৰণ

By

Published : Mar 11, 2019, 3:09 AM IST

অপহৃতা ছাত্ৰী গৰাকী

ধুবুৰী,১০ মাৰ্চ: ধুবুৰীৰ পশ্চিম বিলাসীপাৰাৰ আঙ্গাৰকাটা ২য় খণ্ড গাঁৱত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । গাঁওখনৰ আন্তাজ আলী নামৰ শিক্ষকজনৰ ১৭ বছৰীয়া পুত্ৰই একে গাঁৱৰে ১৭ বছৰীয়া তথা উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ এগৰাকী ছাত্ৰীক কেইদিনমান পূৰ্বে অপহৰণ কৰে । ইপিনে ছাত্ৰীগৰাকীক অপহৰণৰ পাচতে নাবালক ছাত্ৰজনৰ পৰিয়ালৰ লোকে আদালতত ভুৱা বয়সৰ প্ৰমাণ পত্ৰ উলিয়াই বলপূৰ্বকভাৱে ধৰ্মীয় কাজিৰ হতুৱাই দুয়োৰে বিয়া কৰাই লয়।

ধুবুৰীত ছাত্ৰী অপহৰণ


আনহাতে নাবালিকা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে বগৰীবাৰী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । যাৰ ভিত্তিতআত্মগোপন কৰি থকা নাবালক ছাত্ৰজন সহ অপহৃতা ছাত্ৰী গৰাকীক আৰক্ষীয়ে দেওবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পাচত আৰক্ষীয়ে নাবালিকা ছাত্ৰীগৰাকীক তেওঁৰ পৰিয়ালক চমজাই দিয়ে আৰু অপহৃতা ছাত্ৰী গৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত নাবালক ছাত্ৰজনক আদালতলৈ প্ৰেৰণ কৰে।

ABOUT THE AUTHOR

...view details