অসম

assam

ETV Bharat / city

ধুবুৰীত বিশাল শোভাযাত্ৰাৰে জাবেদ ইছলামৰ মনোনয়ন দাখিল - etv bharat

অগপৰ উপ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী নুৰল হুছেইন, বিজেপি বিধায়ক অশোক সিংহাল আৰু অশ্বিনী ৰায় সৰকাৰৰ উপস্থিতিত জাবেদ ইছলামে দাখিল কৰিলে মনোনয়ন।

etv bharat

By

Published : Apr 4, 2019, 5:18 AM IST

ধুবুৰী, 4এপ্ৰিলঃ বিশাল শোভাযাত্ৰা অগপ বিজেপি আৰু বিপিএফ মিত্ৰ দলৰ। বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ধুবুৰী অগপ কাৰ্য্যালয়ৰ পৰা মিত্ৰ দলে উলিয়ায় এই বিশাল শোভাযাত্ৰা। সহস্ৰাধিক দলীয় কৰ্মী আৰু সমৰ্থক হাতে হাতে দলীয় পতাকা লৈ ভিন্ন ধ্বনিৰে মুখৰিত কৰে ধুবুৰীৰ আকাশ বতাহ। ধুবুৰী চহৰৰ ভিন্ন পথেৰে গৈ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হয় মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম। অগপৰ উপ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী নুৰল হুছেইন, বিজেপি বিধায়ক অশোক সিংহাল, অশ্বিনী ৰায় সৰকাৰ আৰু বিপিএফ নেতা বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ উপস্থিতিত জাবেদ ইছলামে দাখিল কৰিলে মনোনয়ন।

মিত্ৰ দলৰ জাবেদ ইছলামৰ মনোনয়ন পত্ৰ দাখিল

মনোনয়ন পত্ৰ দাখিল কৰি তেওঁৰ জয় এশ শতাংশই নিঃশ্চিত বুলি দাবী কৰে জাবেদ ইছলামে। ইপিনে মনোনয়ন পত্ৰ দাখিল কৰি তেওঁৰ পিতৃৰ আদৰ্শলৈ তেওঁ আগুৱাই যাব বুলি উল্লেখ কৰে ৷ ইপিনে অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী নুৰল হুছেইনে অগপৰ তিনিওটা প্ৰাৰ্থীৰ জয় হব বুলি উল্লেখ কৰাৰ বিপৰীতে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে কৰি যাব আৰু ভৱিষ্যতেও কৰি যাব বুলি উল্লেখ কৰে।

ABOUT THE AUTHOR

...view details