অসম

assam

By

Published : Apr 18, 2021, 10:15 PM IST

ETV Bharat / city

ধুবুৰীত চোৰাং চাউল ভৰ্তি ট্ৰাক জব্দ

চোৰাং চাউলৰ বিৰুদ্ধে সফল অভিযান পাগলাহাট আৰক্ষীৰ । অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চাউল ভৰ্তি ট্ৰাক ৷

ধুবুৰীত চোৰাং চাউল ভৰ্তি ট্ৰাক জব্দ
ধুবুৰীত চোৰাং চাউল ভৰ্তি ট্ৰাক জব্দ

ধুবুৰী,18 এপ্ৰিল:ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত চোৰাং চাউলৰ ৰমৰমীয়া বেহা অব্যাহত । সোণাহাটত বৃহৎ পৰিমাণৰ চোৰাং চাউল ভৰ্তি এখন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে । পাগলাহাট আৰক্ষীৰ অভিযানত সোণাহাট বজাৰৰ পৰা আৰক্ষীয়ে ট্ৰাকসহ চোৰাং চাউলখিনি জব্দ কৰা বুলি জানিব পৰা গৈছে ।

ধুবুৰীত চোৰাং চাউল ভৰ্তি ট্ৰাক জব্দ

জব্দ কৃত ট্ৰাকখনৰ পৰা প্ৰায় ১২০০ বস্তা চাউল উদ্ধাৰ কৰা হৈছে ৷ পশ্চিমবংগৰ পৰা আসাদ নামৰ ব্যৱসায়ীজনে WB 78 4350 নম্বৰৰ ট্ৰাকখনেৰে সোণাহাট বজাৰৰ এক গোপন স্থানত চাউলখিনি ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, পাগলাহাট আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ চাউলসহ ট্ৰাকখন জব্দ কৰে ৷

লগতে পঢ়ক :আজি বিশ্ব ঐতিহ্য দিৱস

ABOUT THE AUTHOR

...view details