অসম

assam

ETV Bharat / city

ধুবুৰীৰ ঐতিহাসিক পাণবাৰী মছজিদত উত্তপ্ত পৰিস্থিতি - গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঐতিহাসিক মছজিদটোৰ সম্মুখত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে মছজিদ পৰিচালনা সমিতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে ৷ লগতে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদক মছজিদ পৰিচালনাৰ দায়িত্ব ন্যস্ত কৰাৰো দাবী তুলি পৰিৱেশ উত্তাল কৰি তোলে ৷

ধুবুৰীৰ ঐতিহাসিক পানবাৰী মছজিদত উত্তপ্ত পৰিস্থিতি
ধুবুৰীৰ ঐতিহাসিক পানবাৰী মছজিদত উত্তপ্ত পৰিস্থিতি

By

Published : Oct 20, 2021, 12:22 PM IST

ধুবুৰী, 20 অক্টোবৰ : মঙলবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰৰ পাণবাৰীত থকা ঐতিহাসিক পাণবাৰী মছজিদ দখলৰ প্ৰচেষ্টাৰে মছজিদৰ সম্মুখত ধৰ্ণাত বহে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ শতাধিক নেতা-কৰ্মী । ইছলাম ধৰ্মাৱলম্বী লোকৰ উপসনাৰ থলী হিচাপে চিহ্নিত ঐতিহাসিক মছজিদটোৰ সম্মুখত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে মছজিদ পৰিচালনা সমিতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে ৷ লগতে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদক মছজিদ পৰিচালনাৰ দায়িত্ব ন্যস্ত কৰাৰো দাবী তুলি পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখযোগ্য যে, মছজিদ পৰিচালনা সমিতিৰ কাৰ্যকালৰ ম্যাদ চলিত বছৰৰ ৩১ ডিচেম্বৰলৈকে থকাৰ সময়তো মছজিদ কমিটিৰ অনুমতি অবিহনে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে মছজিদৰ গুণ-গৰিমা বিনষ্ট কৰি প্ৰতিবাদ আৰম্ভ কৰাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন ।

ধুবুৰীৰ ঐতিহাসিক পাণবাৰী মছজিদত উত্তপ্ত পৰিস্থিতি

আমছুকে ধৰি স্থানীয় ৰাইজে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ধৰ্ণা কাৰ্যসূচী বন্ধ কৰাৰ দাবীত আগুৱাই যোৱাত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । তাৰপিছতে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কৰ্মী আৰু ৰাইজৰ মাজত হতাহতি সৃষ্টি হোৱাৰ উপক্ৰম ঘটে ।

ইপিনে মছজিদত আজান চলি থকাৰ সময়তো সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নেতা-কৰ্মীয়ে হুলস্থুল বন্ধ নকৰাত উত্তেজিত ৰাইজে পৰিষদৰ নেতা-কৰ্মীসকললৈ চোঁচা লোৱাত ঘটনাস্থলী ত্যাগ কৰে প্ৰতিবাদকাৰীসকলে ৷

উল্লেখযোগ্য যে, মছজিদৰ সম্মুখত সংগঠনটোৰ কৰ্মীসকলে জয় আই অসম, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি ধ্বনি দিয়াক লৈ উত্তেজিত হৈ পৰে স্থানীয় লোকসকল । ধৰ্মীয় অনুষ্ঠানৰ সম্মুখত এইদৰেই ৰীতি-নীতি ভংগ কৰি মাথোন ক্ষমতা দখলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেউজ সংকেত লাভ কৰি পৰিষদে ইছলাম ধৰ্মৰ উপাসনাৰ স্থল ঐতিহাসিক মছজিদটোত কালিমা সনাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় লোকে ৷

লগতে পঢ়কঃ বৰাকত বাংলা ভাষাই প্ৰাধান্য পাবই লাগিব বুলি পুনৰ এবাৰ হুংকাৰ প্ৰদীপ দত্ত ৰয়ৰ

ABOUT THE AUTHOR

...view details