বিলাসীপাৰা, 22 জুলাই : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বুধবাৰে বিয়লি বিলাসীপাৰাত অভিনৱ প্ৰতিবাদ ৷ ধুবুৰী জিলা আৰু বানিয়ামাৰী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে অভিনৱ প্ৰতিবাদ ৷
লগতে পঢ়কঃবাঘজানৰ বিস্ফোৰণঃ 3 বিদেশী বিশেষজ্ঞ আহত
অৰ্ধ উলংগ হৈ এককাল পানীত নামি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে । জিলাখনৰ একাংশ ছাত্ৰনেতা-কৰ্মীৰ লগতে স্থানীয় ৰাইজে হাতে হাতে প্লে কাৰ্ড লৈ পানীত নামি প্ৰতিবাদ সাব্যস্ত কৰে ৷ তাৰ পিছতে প্ৰতিবাদী নেতা-কৰ্মীসকলে কৃষক নেতা অখিল গগৈক শীঘ্ৰে কাৰামুক্ত কৰি দিবলৈ এইদৰে দাবী উত্থাপন কৰে ।