অসম

assam

ETV Bharat / city

ধুবুৰীৰ চাপগড় পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ - চাপগড় গাঁও পঞ্চায়ত

ধুবুৰী জিলাৰ চাপগড় গাঁও পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়ত কাৰ্য্যালয় আন্তঃগাঁথনিৰ নামতো ধন আত্মসাতৰ অভিযোগ ৰাইজৰ ।

ধুবুৰীৰ চাপগড় পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ
ধুবুৰীৰ চাপগড় পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

By

Published : Sep 20, 2020, 2:26 PM IST

ধুবুৰী, 20 ছেপ্টেম্বৰ : ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ চাপগড় গাঁও পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে । অভিযোগ অনুসৰি, পঞ্চায়ত কাৰ্য্যালয়ৰ মেৰামতি তথা আন্তঃগাঁথনি উন্নয়নৰ বাবে ২০১৮-১৯ বৰ্ষৰ চতুৰ্থ বিত্তীয় সাহাৰ্য্য পূঁজিৰ ৩ লাখ ৬৭ হাজাৰ ৬০০ টকা আৱন্টন দিয়ে চৰকাৰে । কিন্তু কাৰ্য্যালয়টোৰ দুই এটা কোঠালিত টাইলছ আৰু কাৰ্য্যালয়ৰ বাৰান্দা নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰে পঞ্চায়ত সভাপতি আৰু সচিবে ।

গৌৰীপুৰ বিধানসভা সমষ্টিৰ চাপগড় গাঁও পঞ্চায়ত

ইপিনে উক্ত আঁচনিৰ সবিশেষ তথ্য বিচাৰি এমাহমান পূৰ্বে স্থানীয় আবু হামজা ৰহমানে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে এখন আবেদন দাখিল কৰে । সেইমতে তথ্যৰ প্ৰতিলিপিৰ নামত আৰটিআই কৰ্মীৰ পৰা ধন আদায় লৈছে যদিও আজিলৈকে কোনো তথ্য লাভ কৰা নাই আৰটিআই কৰ্মীগৰাকীয়ে । ফলত ৰহস্যৰ গোন্ধ পাইছে আৰটিআই কৰ্মীৰ লগতে স্থানীয় ৰাইজে । অভিযোগ অনুসৰি মাত্ৰ ৮০ হাজাৰৰ পৰা ১ লাখ টকা খৰচ কৰি পঞ্চায়ত সভাপতি আৰু সচিবে আত্মসাৎ কৰিছে আঁচনিৰ সৰহ ভাগ ধন ।

গৌৰীপুৰ বিধানসভা সমষ্টিৰ চাপগড় গাঁও পঞ্চায়ত

উল্লেখ্য যে, পঞ্চায়তখনত কেৱল এখন আঁচনি ৰূপায়ণৰ নামতেই নহয় ; বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । এতিয়া আৰটিআই কৰ্মীজনক তথ্য দিবলৈ পঞ্চায়ত সভাপতি সচিবৰ সাহস হ'ব নে নহয় সেয়াই হৈছে লক্ষণীয় বিষয় ।

ধুবুৰীৰ চাপগড় পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

লগতে পঢ়ক :গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজৰ ভয়ংকৰ ছবি

ABOUT THE AUTHOR

...view details