ধুবুৰী, 29 জুন : ধুবুৰীত চৰকাৰী বাহন নিলামক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ধুবুৰী জিলা পৰিষদৰ তিনিখনৰ বাহনৰ নিলামক লৈ সৃষ্টি হৈছে ৰহস্য ৷ অৱশেষত বিষয়টো সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হোৱাত বন্ধ ৰখা হয় নিলাম প্ৰক্ৰিয়া ৷
তিনিখনকৈ চৰকাৰী বলেৰো বাহন নিলাম কৰা সন্দৰ্ভত ধুবুৰী জিলা পৰিষদৰ অধ্যক্ষৰ ভূমিকাক লৈ জিলা পৰিষদৰ একাংশ সদস্যৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিগত 17 জুনৰ দিনা কাৰ্যালয়টোৰ তিনিখনকৈ গাড়ীৰ বাবে 25 জুনত এক মুকলি নিলাম হ'ব বুলি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পূৰবী কোঁৱৰ স্বাক্ষৰিত এখন জাননী জাৰী কৰা হৈছিল ৷ উক্ত জাননীটোত সেই গাড়ী কেইখনৰ AS 17 F/4268 নম্বৰৰ গাড়ীখনৰ নূন্যতম নিলাম মূল্য 50 হেজাৰ টকা ধাৰ্য কৰা হোৱাৰ বিপৰীতে AS 17/7589 আৰু AS 17/5402 নম্বৰৰ গাড়ী দুখনৰ নিম্নতম নিলাম মূল্য ক্ৰমে 45 আৰু 40 হাজাৰ টকা ধাৰ্য কৰা বুলি উল্লেখ আছিল ৷
নিলাম কৰিবলৈ লোৱা দুখন গাড়ী ঘটনা সন্দৰ্ভত ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত উপস্থিত হোৱা একাংশ স্থানীয় সংবাদকৰ্মীৰ সন্মুখত জিলা পৰিষদটোৰ একাংশ নিৰ্বাচিত সদস্যই উক্ত নিলামৰ বিষয়ে অৱগত নহয় বুলি জনোৱাত বিষয়টো ৰহস্যৰ আৱৰ্তলৈ সোমাই পৰে ৷ ইফালে গাড়ী কেইখনৰ নিলামক লৈ কংগ্ৰেছৰ অধীনত থকা জিলা পৰিষদটোৰ একাংশ সদস্যই অধ্যক্ষগৰাকীৰ ভূমিকাৰ প্ৰতি ক্ষুণ্ণ হৈ পৰা বুলিও এক বিশেষ সূত্ৰযোগে জানিব পৰা গৈছে ৷
ধুবুৰীত চৰকাৰী বাহন নিলামক লৈ প্ৰতিক্ৰিয়া আনহাতে এই ঘটনাৰ পিচতে সাম্প্ৰতিক বানপানী আৰু কৰ'ণা ভাইৰাছৰ বাবে উদ্ভব হোৱা পৰিস্থিতিৰ বাবে গাড়ী কেইখনৰ নিলাম অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা বুলি জনায় ধুবুৰী জিলা পৰিষদৰ অধ্যক্ষ আছাদূল ৰহমানে ৷ যদিও বাহন তিনিখন একাংশ নিৰ্বাচিত জিলা পৰিষদ সদস্যই লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছিল, সাংবাদিকৰ উপস্থিতিৰ পিছতেই আউল লাগিল নিলাম প্ৰক্ৰিয়াত । এতিয়া পৰৱৰ্তী সময়ত বাহন তিনিখন নিলামৰ ক্ষেত্ৰত অধ্যক্ষৰ লগতে মুখ্য কাৰ্যবাহী বিষয়াই কি ভূমিকা গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হৈ পৰিব ।
লগতে পঢ়কঃটিকটকসহ ভাৰতত নিষিদ্ধ ঘোষণা 59টা চীনা এপ