ধুবুৰী গৌৰীপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি - assam police
ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি । সেনা আৰক্ষীৰ যুটীয়া অভিযানত অস্ত্ৰসহ আটক হোৱা যুৱকক মোকলাই দিয়াৰ দাবীত আৰক্ষী থানা চৌহদত প্ৰতিবাদমুখৰ হৈ উঠিল ৰাইজ । ৰাইজৰ অভিযোগ পৰিকল্পিতভাৱে আটক কৰা হৈছে যুৱকজনক ৷
![ধুবুৰী গৌৰীপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3690309-thumbnail-3x2-k.jpg)
ধুবুৰী,28জুনঃ ধুবুৰীৰ পানবাৰিস্থিত ৰাজপুত ৰেজিমেণ্টৰ ৯ জনীয়া এটা সেনাৰ দলে গৌৰীপুৰ থানাৰ আৰক্ষীৰ বৃহৎ দলে হঠাৎ অভিযান চলাই আবেদ আলী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে। সেনাৰ এই অভিযান কালত এটা 7.62 এম এম হস্ত নিৰ্মিত ৰাইফল,7.65 এম এম এটা হস্ত নিৰ্মিত পিষ্টলৰ লগতে চাৰি জাই সজীৱ গুলি উদ্ধাৰ কৰে ৷ পাছত আবেদ আলী নামৰ যুৱকজনক আটক কৰি থানালৈ অনা হয়। ইপিনে আবেদ আলিক পৰিকল্পিতভাৱে আটক কৰা হৈছে বুলি অভিযোগ তুলি স্থানীয় ৰাইজে আৰক্ষী থানা চৌহদ উত্তপ্ত কৰে ৷ লগতে আবেদ আলীক বিনাচৰ্তে মুকলি কৰাৰ দাবী উত্থাপন কৰে।