ধুবুৰী, 29 জুন : আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিচটো কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লিয়ামজাত পণ্যৰ ওপৰত অধিক আৱকাৰী শুল্ক আৰোপ কৰিছিল ৷ বিগত মে' মাহত কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে আৰোপ কৰা আৱকাৰী মূল্যৰ পিচতে পেট্ৰ'লত 10 টকা আৰু ডিজেলত 13 টকা আৱকাৰী শুল্ক বৃদ্ধি কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা অতিৰিক্ত আৱকাৰী শুল্কৰ ফলত দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ লকডাউনৰ মাজতো এইদৰে গুৱাহাটীকে ধৰি দেশৰ প্ৰায়ভাগ মহানগৰীতে চৰকাৰে আৰোপ কৰা আৱকাৰী শুল্কৰ ফলত প্ৰায় 80 টকালৈকে বৃদ্ধি পাইছিল প্ৰতিলিটাৰ পেট্ৰ'ল-ডিজেলৰ মূল্য ৷
পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ 2021ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই মূল্যবৃদ্ধিক লৈ শাসকীয় দলক এসেকা দিয়াৰ লক্ষ্য হাতত লৈছে ৰাজ্যৰ বিৰোধী দলসমূহে ৷ বিজেপিয়ে মূল্যবৃদ্ধি ৰোধৰ বাবে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাক লৈ সৰৱ হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহ ৷ ইয়াকে লৈ সোমবাৰে ধুবুৰী ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে । লকডাউনৰ সময়তে দেশ তথা ৰাজ্যবাসীৰ চৰম সংকটৰ সময়ত যোৱা কিছুদিনৰ পৰা ধাৰাবাহিকভাবে পেট্ৰ'লজাত সামগ্ৰীৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটিছে । ইয়াকে লৈ কংগ্ৰেছ দলে সমগ্ৰ দেশতে সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰে অংশ হিচাপে ধুুবুৰী জিলা কংগ্ৰেছে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷