গোৱালপাৰা, ২৮ অক্টোবৰ :গোৱালপাৰা আৰক্ষী চাউনীত বৃহস্পতিবাৰে বি বৰুৱা কৰ্কট চিকিৎসা প্ৰতিষ্ঠান আৰু অসম আৰক্ষীৰ সহযোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় । স্বাস্থ্য শিবিৰটোত মহিলা আৰক্ষী আৰু কৰ্মৰত আৰক্ষীৰ পৰিয়ালৰ মহিলা সদস্যসকলৰ বি বৰুৱা কৰ্কট চিকিৎসা প্ৰতিষ্ঠানৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰায় ।
গোৱালপাৰা আৰক্ষী চাউনীত বিনামূলীয়া স্বাস্থ্য শিবিৰ - গোৱালপাৰা
সম্প্ৰতি কৰ্কট ৰোগীসকলৰ মাজত মহিলা আক্ৰান্তৰ সংখ্যা তুলনামূলকভাবে বৃদ্ধি পাইছে ৷ আৰক্ষী বিষয়াসকলে চিকিৎসাৰ সকলো সা-সুবিধা লাভ কৰে যদিও কৰ্ম ব্যস্ততাৰ বাবে উপযুক্ত সময়ত চিকিৎসা সুবিধা গ্ৰহণৰ পৰা বঞ্চিত হয় ৷ যাৰবাবে গোৱালপাৰাত বৃহস্পতিবাৰে অসম আৰক্ষীৰ সহযোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় ৷

গোৱালপাৰা আৰক্ষী চাউনীত বিনামূলীয়া স্বাস্থ্য শিবিৰ
গোৱালপাৰা আৰক্ষী চাউনীত বিনামূলীয়া স্বাস্থ্য শিবিৰ
গোৱালপাৰাৰ এই বিনামূলীয়া স্বাস্থ্য শিবিৰত যথেষ্ট সংখ্যক মহিলা আৰক্ষী আৰু কৰ্মৰত আৰক্ষীৰ পত্নী তথা পৰিয়ালৰ সদস্যই স্বাস্থ্য পৰীক্ষা কৰায় । স্বাস্থ্য শিবিৰটো উদ্বোধন কৰে অসম আৰক্ষীৰ মহাপৰিদৰ্শক ভাস্কৰজ্যোতি মহন্তৰ পত্নী স্বপ্নালী মহন্তই । অসম আৰক্ষীৰ পশ্চিম মণ্ডলৰ উপ-মহাপৰিদৰ্শক দিলীপ কুমাৰ দে’য়ে স্বাস্থ্য শিবিৰৰ কাম-কাজত সহযোগ কৰে ।
লগতে পঢ়ক :ধুবুৰীত অসম আৰক্ষীৰ শ্বহীদৰ সন্মানত মাৰ্চ প্ৰদৰ্শন