বিলাসীপাৰা, ১৪ এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ লক্ ডাউনৰ আজি অন্তিমটো দিন । লক্ ডাউনৰ ফলতেই দৰিদ্ৰ লোকৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি । দেখা দিছে ব্যাপক খাদ্য সংকটৰ । বিলাসীপাৰাৰ বেলতলী গাঁৱৰ তেনে ১৩০ টা পৰিয়ালৰ মাজত মঙলবাৰে পুৱাৰে পৰা বিতৰণ কৰা হয় অত্যাৱশ্যকীয় সামগ্ৰী ।
বিলাসীপাৰাত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ - বিলাসীপাৰাত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
বিলাসীপাৰাৰ বেলতলী গাঁৱত ১৩০ টা পৰিয়ালৰ মাজত বিতৰণ অত্যাৱশ্যকীয় সামগ্ৰী ।

Food Distribute To Poor People at Bilashipara
গাঁৱখনৰ কেইগৰাকীমান হৃদয়বান লোকে স্থানীয় সাংবাদিক মফিজুল হুচেইন আহমেদৰ সহযোগত দৰিদ্ৰ লোক সকল ঘৰে ঘৰে গৈ বিতৰণ কৰে সাহাৰ্য সামগ্ৰী সমূহ ।
দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
সম্পূৰ্ণ বিভাগীয় নীতি নিৰ্দেশনা আৰু বিভাগীয় লাট মণ্ডল গোগীনাথ দাসৰ উপস্থিতিত সামাজিক দূৰত্ব বজাই দৰিদ্ৰ লোক সকলক সাময়িক ভাৱে সকাহ দিয়াৰ উদ্দেশ্যে খাদ্য সামগ্ৰী সমূহ বিতৰণ কৰা হয় । এতিয়া স্থানীয় লোক সকলৰ এনে মহান কাৰ্যই সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।