ধুবুৰী, 9 আগষ্টঃৰাজ্যত দীৰ্ঘদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে কেইবাখন জিলাত ভয়ংকৰ বান পৰিস্থিতৰ সৃষ্টি হৈছে ৷ বানত বানাক্ৰান্ত লোকসকলৰ ঘৰ দুৱাৰৰ লগতে জাহ গৈছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ লগতে বিস্তৰ ক্ষতি সাধন হৈছে পশুধনৰ ৷ ঠিক একেদৰে ব্ৰহ্মপুত্ৰৰ কালৰূপী গৰাখহনীয়াই ধুবুৰী জিলাৰ বহু পৰিয়ালৰ সপোন তচনচ কৰি পেলাইছে । জিলাখনৰ দক্ষিণ শালমাৰা সমষ্টিৰ ভাকুৱামৰী অঞ্চলৰ প্ৰায় চাৰে তিনিশ পৰিয়াল আজি গৃহহীন হৈ পৰিবলগা হৈছে । ইফালে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে বিভিন্ন শিক্ষানুষ্ঠান-প্রতিষ্ঠান ।
ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াত তচনচ কৰিলে শতাধিক পৰিয়ালক ধুবুৰী জিলাৰ হামিদাবাদ গাঁও পঞ্চায়তৰ ভাকুৱামৰী গাঁও খন এসময়ত সেউজীয়া গছ-গছনিৰে ভৰা আছিল । কিন্তু আজি আৰু সেই পৰিৱেশ নাই । এই গাঁওখনত আছিল প্ৰায় চাৰি শতাধিক পৰিয়াল । যদিও এইবেলি হোৱা বান আৰু গৰাখহনীয়াৰ ফলত গৃহহীন হৈছে ইয়াৰ প্ৰায় তিনিশৰ পৰা চাৰে তিনিশ পৰিয়াল । ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে ঘৰ মাটি ভেটিৰ লগতে হাজাৰ-হাজাৰ কৃষি ভূমিৰ লগতে বিভিন্ন শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান ।
ইপিনে ব্ৰহ্মপুত্ৰৰ বুকুত নিশ্চিহ্ন হোৱাৰ পথত গাঁৱখনৰ ৩৯০ নং ভাকুৱামৰী পয়েস্তি চৰ এলপি স্কুলখন । মাটিৰ তলত পোত গৈছে বিদ্যালখনৰ একাংশ । বিদ্যালখনৰ কাষতেই আছিল হবিবৰ ৰহমানৰ ঘৰ । চাৰিজনীয়া এই পৰিয়ালটো বানৰ সময়ত ঘৰবাৰী এৰি অন্য ঠাইলৈ ঢাপলি মেলিছিল । পানী শুকুৱাৰ পিছত ঘৰত উপস্থিত হয় যদিও ঘৰখনৰ অৱস্থাই চিন্তিত কৰিছে দৰিদ্ৰ পৰিয়ালটোক । কাৰণ ঘৰখনৰ চৌহদ ইতিমধ্যেই দ খাৱৈত পৰিণত হৈছে । মাটিত পোত গৈছে ঘৰখনৰ লগতে খোৱা পানীৰ একমাত্ৰ ব্যৱস্থা দমকলটো ৷
ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াত তচনচ কৰিলে শতাধিক পৰিয়ালক ধুবুৰীত প্ৰতি বছৰৰ দৰে এইবেলি শ-শ পৰিয়াল গৃহহীন হৈ পৰিছে যদিও বানপানী সমস্যাকে ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তিলমানো গুৰুত্ব নাই স্থানীয় জনপ্ৰতিনিধি,জিলা প্ৰশাসন,বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ । অতি শীঘ্ৰে অঞ্চলটোৰ বানপানী আৰু খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক-মৰ্মান্তিক : দৰিদ্ৰতাৰ বাবে মহিলাৰ মৃতদেহ ঠেলাৰে কঢ়িয়ালে আত্মীয়ই