পূৱ বিলাসীপাৰা, 19 এপ্ৰিল : ঢোল-পেঁপাৰ মাতেৰে ৰঙালীক উদযাপন কৰিলে অসমবাসীয়ে ৷ সমগ্ৰ ৰাজ্যৰ লগতে পূৱ বিলাসীপাৰাতো ৰাইজে উদযাপন কৰিলে বিহু ৷ কিন্তু এই উলহ-মালহ পৰিবেশৰ মাজতে পূৱ বিলাসীপাৰাৰ চাপৰৰ চৈৱাৰী চাহ বাগিচাত অঘটন ৷ দেওবাৰে নিশা বিহুৰ সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে চৈৱাৰী চাহ বাগিচাৰ নিজপট্টি লাইনৰ খেলপথাৰত বিহু মঞ্চৰ কাষতে থকা চাহৰ দোকানত জুই লাগে ৷
চাপৰত সাংস্কৃতিক অনুষ্ঠানৰ মাজতে মঞ্চৰ কাষত লাগিল জুই - পূৱ বিলাসীপাৰা
চাপৰৰ চৈৱাৰী চাহ বাগিচাৰ নিজপট্টি লাইনৰ খেলপথাৰত দেওবাৰে নিশা বিহুৰ সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে হঠাৎ বিহু মঞ্চৰ কাষতে থকা চাহৰ দোকানত জুই লাগে ৷ বহু প্ৰচেষ্টাৰ অন্তত অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত ৰাইজে জুই নুমালে ৷
পূৱ বিলাসীপাৰাৰ চাপৰৰ চৈৱাৰী চাহ বাগিচাত অঘটন
জানিব পৰা মতে দোকানীৰ অসাৱধনাতাৰ বাবে গেছৰ চিলিণ্ডাৰত জুই লাগে ৷ মঞ্চৰ কাষতে হঠাৎ জুই লগা দেখাত ৰাইজৰ মাজত হুৱাদুৱা লাগে ৷ স্থানীয় ৰাইজে জানিব দিয়া মতে বহু প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত ৰাইজে জুই নুমুৱাবলৈ সক্ষম হয় ।
Last Updated : Apr 19, 2021, 10:52 AM IST