অসম

assam

ETV Bharat / city

ধুবুৰীত নিৰ্বাচনক লৈ আকৰ্ষণীয় মামা-ভাগিনৰ যুঁজ

এফালে যদি ব্যক্তিগতভাৱে ভাগিন তথা বিধায়ক নজৰুল হকৰ ভোট-সহায় বিচৰাৰ মন মামাৰ আনফালে দলীয় প্ৰীতিত আকোৰগোঁজ ভাগিনে সহায় নকৰে মামা আবু তাহেৰ বেপাৰীক

মামা-ভাগিনৰ যুঁজ

By

Published : Apr 4, 2019, 5:17 AM IST

ধুবুৰী, 3 এপ্ৰিল : ধুবুৰী লোকসভা সমষ্টিত এতিয়া বিশেষ চৰ্চা লাভ কৰিছে মামা-ভাগিনৰ যুঁজখনে ৷ কিয়নো মামা আবু তাহেৰ বেপাৰীয়ে কংগ্ৰেছ দলৰ হৈ ধুবুৰী সমষ্টিৰ পৰা আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ৷ আনফালে আকৌ ভাগিন এ আই ডি ইউ এফৰ বিধায়ক নজৰুল হক ব্যস্ত মামাৰ প্ৰতিদ্বন্দ্বী তথা এ আই ডি ইউ এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচন প্ৰচাৰ চলোৱা কাৰ্যত ৷

মামা-ভাগিনৰ যুঁজ
বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰিয়েই কংগ্ৰেছ প্ৰাৰ্থী তথা মামা আবু তাহেৰ বেপাৰীয়ে সাংবাদিকৰ আগত কলে ব্যক্তিগতভাৱে ভাগিনৰ পৰা ভোট তথা সহায় বিচৰাৰ কথা ৷ কিন্তু আকোৰগোঁজ ভাগিন, তলা চাবিৰ বাহিৰে ক'তো ভোট প্ৰদান নকৰে ভাগিনে কিয়নো তেওঁৰ বাবে দলেই সকলো ৷ আনকি ভাগিনে কৈয়েই দিলে দলতকৈ মোমাই ডাঙৰ নহয় ৷ এনেদৰেই এতিয়া ধুবুৰীত চলিছে মামা ভাগিনৰ আকৰ্ষণীয় নিৰ্বাচনী যুঁজ ৷

ABOUT THE AUTHOR

...view details