অসম

assam

ETV Bharat / city

বিলাসীপাৰাত ভুৱা চিকিৎসক : জীৱন-মৃত্যুৰে যুঁজিছে আব্দুলে - বি বৰুৱা কেন্সাৰ হাস্পতাল

এইবাৰ মুন্না ভাই MBBS নহয় মাষ্টৰ ভাই ভুৱা চিকিৎসক ৷ ভুৱা চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যুৰে যুঁজিছে আব্দুলে । ভুক্তভোগী পৰিয়ালৰ গোচৰৰ ভিত্তিত সম্প্ৰতি জেল হাজোতলৈ প্ৰেৰণ মাষ্টৰ ভাই ভুৱা চিকিৎসকক (Fake doctor arrested)৷

Fake doctor arrested in Bilasipara
বিলাসীপাৰাত ভুৱা চিকিৎসক

By

Published : Dec 22, 2021, 7:34 PM IST

বিলাসীপাৰা, 22 ডিচেম্বৰ : বিলাসীপাৰা মহকুমাৰ ভিতৰুৱা দুৰ্গম চৰাঞ্চল নায়েৰ আলগাত ভুৱা চিকিৎসকৰ ভুল চিকিৎসাৰ বলিহৈ সম্প্ৰতি গুৱাহাটী বি বৰুৱা কেন্সাৰ হাস্পতাল(B Barua Cancer Hospital)ত জীৱন মৃত্যুৰে যুঁজিছে এজন ব্যক্তিয়ে ৷ পেচাত চৰকাৰী শিক্ষক ফৰিচ উদ্দিনে দীৰ্ঘদিন ধৰি নিজৰ ঘৰতে চলাইছে এখন চিকিৎসালয় । কিছুদিন পূৰ্বে নায়েৰ আলগাৰ আব্দুল কৰিম নামৰ ব্যক্তিজনৰ দাঁতৰ চিকিৎসা কৰিছিল ফৰিচে । কিন্তু ফৰিচৰ ভুল চিকিৎসাৰ বাবে ব্যক্তিজনৰ মুখত প্ৰথমে ঘাঁ আৰু শেষত ই কেন্সাৰৰ ৰূপ ললে ।

বিলাসীপাৰাত ভুৱা চিকিৎসক

বিলাসীপাৰা মহকুমাৰ ভিতৰুৱা দুৰ্গম চৰাঞ্চলৰ প্ৰাণকেন্দ্ৰ নায়েৰ আলগাত শিক্ষকৰূপী এই ভুৱা চিকিৎসকজনে দীৰ্ঘদিনৰ পৰাই চিকিৎসাৰ নামত ৰোগীৰ জীৱনৰ লগত হেতালি খেলি অহাৰ অভিযোগ আছিল পূৰ্বৰে পৰা । কিন্তু অসমীয়াত এষাৰ কথা আছে নহয়, এশ গৰু মাৰিলে বাঘৰো মৰণ । ভুৱা চিকিৎসক ফৰিচ উদ্দিনৰ ক্ষেত্ৰতো সেয়াই প্ৰমাণিত হ’ল । আব্দুল কৰিমে সামান্য দাঁতৰ বিষৰ বাবে ভুৱা চিকিৎসকগৰাকীৰ কাষ চাপিছিল আৰু ভুৱা চিকিৎসকজনে ব্যক্তিজনৰ দাঁত উঠাই দিছিল । কিন্তু দাঁতৰ আধাখিনি ভিতৰতে ভাঙি ৰৈছিল । পিছলৈ তাৰপৰাই ব্যক্তিজনৰ মুখত ঘাঁ লাগি পৰৱৰ্তী সময়ত ই কেন্সাৰৰ ৰূপ লয় ।

সম্প্ৰতি আব্দুল কৰিমে গুৱাহাটী বি বৰুৱা কেন্সাৰ হাস্পতালত জীৱন মৃত্যুৰে যুঁজি আছে । ইফালে আব্দুল কৰিমৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত নায়েৰ আলগা আৰক্ষীয়ে ভুৱা চিকিৎসক ফৰিচ উদ্দিন(Fake doctor arrested)ক ৩০৮ ধাৰাত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :আৰক্ষীক উৎকোচ দিবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল মাতৃ-পুত্ৰ

ABOUT THE AUTHOR

...view details