অসম

assam

ধুবুৰীৰ বিধায়ক নজৰুল হকক প্ৰত্যাহ্বান প্ৰাক্তন বিধায়ক জাহান উদ্দিনৰ

ধুবুৰীত এম জি এনেৰেগা আঁচনি (MGNREGA) ৰূপায়ণৰ নামত কোটি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ প্ৰাক্তন বিধায়ক জাহান উদ্দিনৰ। বৰ্তমানৰ বিধায়ক নজৰুল হকক দুৰ্নীতিৰ সম্ৰাট আখ্যা জাহানৰ । তদানীন্তন উপায়ুক্ত অনন্তলাল জ্ঞানীকে আদি কৰি জিলাখনৰ কেইবাজনো শীৰ্ষ বিষয়ালৈ দুৰ্নীতি কৰাৰ অভিযোগৰ আঙুলি প্ৰাক্তন বিধায়কগৰাকীৰ ।

By

Published : Jun 26, 2021, 8:47 AM IST

Published : Jun 26, 2021, 8:47 AM IST

ex MlA Jahan Uddin  press meet Against MLA Najrul Haoque At Dhubri
ধুবুৰীৰ বিধায়ক নজৰুল হকক তীব্ৰ প্ৰত্যাহ্বান প্ৰাক্তন বিধায়ক জাহান উদ্দিনৰ

ধুবুৰী, 26 জুন : ধুবুৰীত এম জি এনৰেগা আঁচনি (MGNREGA) ৰূপায়ণৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ধুবুৰী সমষ্টিৰ (Dhubri Constituency) বিধায়ক নজৰুল হকৰ লগতে ধুবুৰী জিলা পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া অনিমেশ তালুকদাৰৰ লগতে তদানীন্তন জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে কোটি টকীয়া দুৰ্নীতিত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন বিধায়ক জাহান উদ্দিনে। শুকুৰবাৰে ধুবুৰীত সংবাদমেল অনুষ্ঠিত কৰি এনে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিলে প্ৰাক্তন বিধায়ক জাহান উদ্দিনে ।

উল্লেখ্য যে, ধুবুৰীৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ অধীনত এম জি এনেৰেগাৰ (MGNREGA) তিনি শতাধিক আঁচনি ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত কোটি টকীয়া দুৰ্নীতি হৈ আহিছে । এনে বৃহৎ দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে প্ৰাক্তন বিধায়ক জাহান উদ্দিনক মানসিক বিকাৰগ্রস্ত আখ্যা দিয়ে বৰ্তমানৰ বিধায়ক নজৰুল হকে । আনকি সংবাদ মাধ্যমৰ জৰিয়তে ধুবুৰীৰ গৌৰীপুৰ উন্নয়ন খণ্ড এলেকাত দহটাকৈ পঞ্চায়তত এম জি এন ৰেগা (MGNREGA) আঁচনিৰ অধীনত গৰাখহনীয়া প্ৰতিৰোধ, পথ মেৰামতি আৰু পথ নির্মাণকে ধৰি ৩০৩ টাকৈ বিভিন্ন আঁচনি ৰূপায়ন হৈ আছে যদিও অধিকাংশ আঁচনি কাগজে কলমে হে ৰূপায়ণ হৈ আছে ।

ধুবুৰীৰ বিধায়ক নজৰুল হকক তীব্ৰ প্ৰত্যাহ্বান প্ৰাক্তন বিধায়ক জাহান উদ্দিনৰ

গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেশ তালুকদাৰ আৰু ধুবুৰীৰ বিধায়ক নজৰুল হকৰ নেতৃত্বত এটা চক্ৰই এই আঁচনি সমূহৰ কিছুমান নামমাত্ৰ কাম কৰাৰ বিপৰীতে আন কিছুমান আঁচনিৰ কাম নকৰাকৈয়েই চৰকাৰে আৱণ্টন দিয়া কোটি কোটি টকা আত্মসাৎ কৰাৰ ফন্দি উলিওৱা হৈছে বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে ।

লগতে প্ৰাক্তন বিধায়ক গৰাকীয়ে সদৰি কৰা তথ্য অনুসৰি আদাবাৰী পঞ্চায়তত ৭ টা আঁচনি, বিন্নাচৰা পঞ্চায়তৰ ২৫ টা আঁচনি, দুৰাহাটী পঞ্চায়তৰ ২০ টা আঁচনি, ভোগদহৰ পঞ্চায়তৰ ২৭ টা আঁচনি, ফলিমাৰী পঞ্চয়তৰ ২৩ টা আঁচনি, হাওৰাৰ পাৰ পঞ্চায়তৰ ২৬ টা আঁচনি, ভাষানীৰ চৰ পঞ্চায়তৰ ৬৩ টা আঁচনি, গাছপাৰা পঞ্চায়তৰ ৩৯ টা আঁচনি, মতিৰচৰ পঞ্চায়তৰ ৪৬ টা আঁচনি আৰু পাটামাৰী পঞ্চায়তৰ ২৭ টা আঁচনিকে ধৰি মুঠ ৩০৩ টা আঁচনি ৰূপায়ণ হৈ আছে ধুবুৰী সমষ্টিত ।

আনহাতে, আন কেইখনমান আঁচনি পূৰ্বৰ ৰূপায়িত আঁচনিৰ ওপৰত ৰং সানিয়েই নতুনকৈ আঁচনি ৰূপায়ণ হোৱা দেখুৱা হৈছে । লগতে এটা বৰ্ষতেই এটা পথৰ নাম বেলেগ বেলেগ হিচাপে দেখুৱাই দুটাকৈ আঁচনি প্ৰস্তুত কৰি চৰকাৰৰ দ্বাৰা ধন আৱণ্টন কৰাইছে যদিও দুটা আঁচনিৰ ভিতৰত এটা আঁচনিৰ কাম কৰি আনটো আঁচনিৰ টকা সমূলে আত্মসাৎ কৰাৰ ফন্দি কৰা হৈছে বুলিও তথ্য সহকাৰে সদৰি কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে । কিন্তু প্ৰায় পাঁচ শ কোটি টকাৰ বৃহৎ আঁচনিৰ ভিতৰত কিছু আঁচনি কেৱল কাগজ কলমতহে ৰূপায়ণ সম্পন্ন কৰি ইতিমধ্যে কামৰ বিল জমা দিয়া হৈছে বুলি অভিযোগ কৰে ।

ধুবুৰীৰ বিধায়ক নজৰুল হকক তীব্ৰ প্ৰত্যাহ্বান প্ৰাক্তন বিধায়ক জাহান উদ্দিনৰ

এই তথ্য প্ৰাক্তন বিধায়ক গৰাকীয়ে বিভাগীয় চৰকাৰী ৱেব চাইডত লাভ কৰাৰ পিছত তথ্য সহকাৰে অভিযোগ দাখিল কৰে প্ৰাক্তন বিধায়ক জাহান উদ্দিনে । কিন্তু প্ৰাক্তন বিধায়ক গৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ লগে লগে চৰকাৰী ৱেব চাইটৰ (website) পৰা ৰহস্যজনকভাৱে জমা দিয়া কামৰ বিলসমূহ অন্তৰ্ধান হয় ।

ইপিনে এনে ভয়াৱহ দুৰ্নীতিৰ তথ্য সহকাৰে অভিযোগ দাখিল কৰাৰ পিছতো তদানীন্তন জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে কোনো গুৰুত্ব আৰোপ কৰা নাই । দুৰ্নীতিগ্ৰস্ত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেশ তালুকদাৰক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল যদিওঁ তদন্তৰ নামত সম্পূৰ্ণৰূপে ভেকোভাওনা কৰিলে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা বিষয়া গৰাকীয়ে । এনে তথ্য সহকাৰে দুৰ্নীতিৰ তথ্য ফাদিল কৰাৰ পিছতেই দুৰ্নীতিৰ সৈতে সাঙোৰ খোৱা বিধায়ক নজৰুল হকে উভতি ধৰিছে বুলি মন্তব্য কৰে প্ৰাক্তন বিধায়ক জাহান উদ্দিনক ।

জাহান উদ্দিনক মানসিক বিকাৰগ্রস্ত আখ্যা দিয়াৰ বিপৰীতে মাত্ৰ ৩০/৩৫ খন আঁচনি ৰূপায়ণ হৈ থকাৰ বিপৰীতে কোনো এখন আঁচনি দুৰ্নীতি হোৱা নাই বুলি দুৰ্নীতিগ্ৰস্ত বিষয়া সকলক ক্লিনশ্বীট (Clean Sheet) দিছিল নজৰুল হকে। তাৰ পিছতেই আজি সংবাদমেলৰ জৰিয়তে বিধায়ক নজৰুল হকক দুৰ্নীতিৰ সম্ৰাট আখ্যা দিয়াৰ লগতে সাহস আছে যদি মুখা মুখী আলোচনা অনুষ্ঠানত অংশ লবলৈ প্ৰত্যাহ্বান জনায় প্ৰাক্তন বিধায়ক জাহান উদ্দিনে।

সমগ্ৰ বিষয়টো উচিত তদন্ত কৰি দোষীক উচিত শাস্তি বিহাৰ দাবী উত্থাপন কৰাৰ বিপৰীতে প্ৰয়োজনত আইনৰ আশ্ৰয় লোৱাৰ উপৰিও মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখা আৰু দিল্লীলৈ যোৱাৰো হুংকাৰ প্ৰদান কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে।

লগতে পঢ়ক-নতুন SOP : ৰাজ্যৰ 4 খন জিলাত সম্পূৰ্ণ লকডাউন

ABOUT THE AUTHOR

...view details