অসম

assam

ETV Bharat / city

হেল নৈৰ পাৰ বান্ধি খহনীয়া প্ৰতিৰোধৰ চেষ্টা - এম জি এনৰেগা আঁচনি

ধুবুৰীৰ বিলাসীপাৰাত এম জি এনৰেগা আঁচনি (MGNERGA SCHEME) ৰ অধীনত কেইবাটাও আঁচনি ৰূপায়ানেৰে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম পূৰ্ণ গতিত চলিছে । প্ৰতিৰোধৰ কাম চলি থকাৰ ফলত সম্প্ৰতি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে স্বস্তিৰ নিশ্বাস লৈছে নৈপৰীয়া ৰাইজে ৷

erosion protection Scheme Bigin At Dhubri District
ধুবুৰীত নৈ পৰীয়া ৰাইজৰ স্বস্তিৰ নিঃশ্বাস

By

Published : Jun 30, 2021, 4:23 PM IST

ধুবুৰী, 30 জুন :ভূটানৰ (Bhutan) পৰা বিটিআৰৰ(BTR) কাজিগাঁও হৈ নামি অহা হেল নৈয়ে প্ৰতি বছৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ধুবুৰীৰ পশ্চিম বিলাসীপাৰা সমষ্টিৰ বিভিন্ন অঞ্চলত । ভূটানে নৈ খনৰ পানী এৰি দিয়াৰ পিছতেইত বান তথা গৰাখহনীয়াৰ কৱলত পৰে সমষ্টিটোৰ মহমায়া ব্লকৰ অন্তৰ্গত শালটাৰী, কদমতলা আৰু সোণাময়ী পঞ্চায়তৰ কাছলেট্টাৰী, মণিপুৰ, শান্তিপূৰ আৰু ভেলাকোৱা আদি কেইবাটাও অঞ্চল ।

বিগত প্ৰায় পোন্ধৰ বছৰ ধৰি হেল নৈৰ বান আৰু গৰাখহনীয়াই (Erosion) ত্ৰাসৰ সৃষ্টি কৰি আহিছে সমষ্টিটোৰ বিভিন্ন অঞ্চলত । ইতিমধ্যে গৰখহনীয়াৰ ফলত গৃহহীন হৈছে ইয়াৰে বহু পৰিয়াল । ইফালে বিভিন্ন দল সংগঠন তথা ৰাইজে গৰাখহনীয়া আৰু বান পানী প্ৰতিৰোধৰ বাবে আহ্বান জনাইছিল চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ৷ অঞ্চলবাসীৰ দীর্ঘ দিনীয়া দাবীৰ প্ৰতি এইবাৰ সঁহাৰি জনাই চৰকাৰে লৈছে এটা বিশেষ পদক্ষেপ । এম জি এনৰেগা আঁচনি (MGNERGA SCHEME)ৰ অধীনত কেইবাটাও আঁচনি ৰূপায়ানেৰে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম পূৰ্ণ গতিত চলোৱা পৰিলক্ষিত হৈছে ।

ধুবুৰীত নৈ পৰীয়া ৰাইজৰ স্বস্তিৰ নিঃশ্বাস

বান আৰু গৰাখহনীয়া প্ৰতিৰোধ (Erosion Protection) ৰ বাবে বিশেষকৈ কাছলেট্টাৰী, মণিপুৰ, শান্তিপূৰ আৰু ভেলাকোৱা আদি অঞ্চলত চাৰিটাকৈ অভিলাসী আঁচনি ৰূপায়ণৰ কাম চলি আছে । ব’ল্ডাৰ পিচিঙৰ জৰিয়তে কালৰূপী গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম চলি থকাৰ ফলত সম্প্ৰতি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে স্বস্তিৰ নিশ্বাস লৈছে নৈপৰীয়া লোক সকলে ।

ইপিনে ৰূপায়িত আঁচনি সমূহৰ অগ্ৰগতিৰ বুজ লয় ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া (Municipality Chief) অনিমেশ তালুকদাৰ আৰু জিলা পৰিষদৰ (Municipality President) সভাপতি আছাদুৰ ৰহমানে । বান পৰিস্থিতি সৃষ্টি হোৱাৰ আগতেই যাতে প্ৰতিৰোধৰ কাম সম্পন্ন কৰিব পাৰে তাৰ বাবে আশ্বাস প্ৰদান কৰে ধুবুৰী জিলা পৰিষদৰ সভাপতি আছাদুৰ ৰহমানে । ধুবুৰী জিলা পৰিষদৰ সভাপতি আছাদুৰ ৰহমানে সাংবাদিকৰ আগত গৰাখহনীয়াৰ কাম শীঘ্ৰেই সম্পন্ন কৰাৰ আশ্বাস দিলেও কিমান দিনত কামখিনি সম্পন্ন হয় বা সঠিক মতে আঁচনিখন ৰূপায়ণ হয় নে নহয় সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক-দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব: ঘনশ্যাম দাস

ABOUT THE AUTHOR

...view details