নিচাজাতীয় ঔষধ সহ দুজনক গ্ৰেপ্তাৰ - ধুবুৰী
অভিযানত কিছু পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ বিপৰীতে ৰমজান শেখ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ৷ আনহাতে ধুবুৰীৰ ঝগৰাৰপাৰৰ আমবাগান অঞ্চলত অভিযান চলাই সুকুমাৰ দাস নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দলটোৱে ৷
ধুবুৰী, 24 জুন: ধুবুৰীত অব্যাহত আছে ড্ৰাগছ জাতীয় ঔষধৰ বেহা । এক গোপন তথ্যৰ ভিত্তিত দেওবাৰে নিশা ধুবুৰীৰ ইন্দিৰা গান্ধী পথৰ ৰমজান শেখৰ বাসগৃহত অভিযান চলাই ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত এ এম কোঃ ৰ'ড আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমণি নাথৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ৷ অভিযানত কিছু পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ বিপৰীতে ৰমজান শেখ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ৷ আনহাতে ধুবুৰীৰ ঝগৰাৰপাৰৰ আমবাগান অঞ্চলত অভিযান চলাই সুকুমাৰ দাস নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দলটোৱে ৷ উল্লেখ্য যে, সুকুমাৰ দাসৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত পূৰ্বেও এই সন্দৰ্ভত 1078/19 নম্বৰত এটা গোচৰ ৰুজু হৈ আছে । অৱশেষত দেওবাৰে আৰক্ষীৰ জালত পৰে ড্ৰাগছ ব্যৱসায়ী সুকুমাৰ দাস ৷ ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত ড্ৰাগছ, তীৰ, জুৱা আদি অপৰাধৰ বিৰুদ্ধে অভিযান চলাই থকা পৰিলক্ষিত হৈছে ধুবুৰীৰ বিভিন্ন স্থানত ৷