পশ্চিম বিলাসীপাৰা, 6 নৱেম্বৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পাটাকাটা উপ স্বাস্থ্যকেন্দ্ৰই লৈছে জৰাজীৰ্ণ ৰূপ। টিনৰ চালি আৰু মৰাপাটৰ বেৰৰ জৰিয়তে কোনোৰকমে চলি থকা স্বাস্থ্যকেন্দ্ৰটোত কেৱল বুধবাৰেহে উপস্থিত হয় চিকিৎসক আৰু নাৰ্ছ ৷
বিলাসীপাৰাৰ পাটাকাটা উপ স্বাস্থ্যকেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ - পাটাকাটাৰ উপ স্বাস্থ্যকেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ
টিনৰ চালি আৰু মৰাপাটৰ বেৰৰ জৰিয়তে কোনোৰকমে চলিছে বিলাসীপাৰাৰ পাটাকাটা উপ স্বাস্থ্যকেন্দ্ৰ ৷ কেৱল বুধবাৰেহে স্বাস্থ্যকেন্দ্ৰত উপস্থিত হয় চিকিৎসক আৰু নাৰ্ছ ৷
বিলাসীপাৰাৰ পাটাকাটা উপ স্বাস্থ্যকেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ ফোপোলা স্বৰূপ উদঙাইছে পাটাকাটা উপ স্বাস্থ্যকেন্দ্ৰটোৱে ৷ উপ স্বাস্থ্যকেন্দ্ৰটোৰ বিচনা আৰু আচবাব-পত্ৰৰ অৱস্থাও অতি পুতৌজনক । উল্লেখ্য যে, AIUDF প্ৰধান বদৰুদ্দিন আজমল আৰু বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিছ বছিৰ আহমেদ কাছিমীৰ অকৰ্মন্যতা তথা হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বহীনতাৰ বাবে চিকিৎসালয়খনে এনে জৰাজীৰ্ণ ৰূপ লৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ কোকৰাঝাৰত কৰ যোৰে প্ৰাৰ্থনা ভাৰতীয় নৌ-সেনা জোৱানৰ