ধুবুৰী,11 অক্টোবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ঠিকা ভিত্তিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী সকলে বিগত সাত দিন ধৰি অব্যাহত ৰাখিছে কৰ্ম বিৰতি কাৰ্যসূচী ৷ কিন্তু এতিয়ালৈকে প্ৰতিবাদকাৰীসকলৰ প্ৰতি সামান্যতমো সঁহাৰি নাই অসম চৰকাৰৰ ৷ আন দিনাৰ দৰে শুক্ৰবাৰেও দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে এইসকল প্ৰতিবাদকাৰীয়ে ৷
দক্ষিণ শালমাৰাত অব্যাহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ - movement
দক্ষিণ শালমাৰা খণ্ড উন্নয়ন কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীসকলে ৷
মূলত চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীৰে চলি থকা কৰ্মচাৰীসকলৰ এই আন্দোলনে দক্ষিণ শালমাৰা অঞ্চলত লাভ কৰিছে ব্যাপক জনসমৰ্থন ৷ আজি দক্ষিণ শালমাৰা মানকাচাৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ ছৰিফুল ইছলাম প্ৰধানীয়ে ধৰ্ণাস্থলীত উপস্থিত হৈ আন্দোলনকাৰীসকল ন্যায্য দাবীৰ প্ৰতি নিজৰ সমৰ্থন ব্যক্ত কৰাৰ লগতে চৰকাৰক প্ৰতিবাদকাৰীসকলৰ প্ৰতি সন্মান জনাই দাবীবোৰ গ্ৰহণ কৰি কৰ্মচাৰী সকলক ৰাইজৰ সেৱা কৰাত সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনাই ৷ ইফালে দক্ষিণ শালমাৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰী সন্থাৰ সদস্য মোছলেম উদ্দিন চৌধুৰীয়ে চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নল'লে আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি চৰকাৰক সকিয়নী প্ৰদান কৰে ৷