ধুবুৰী,21 আগষ্টঃ বুধবাৰে শ্ৰেণী কোঠা এৰি হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিল ধুবুৰীৰ শ শ ছাত্ৰী । ধুবুৰী ছোৱালী মহাবিদ্যালয় আৰু ধুবুৰী কনিষ্ঠ ছোৱালী মহাবিদ্যালয়ৰ প্ৰায় চাৰি শতাধিক ছাত্ৰীয়ে চৰকাৰ আৰু দালাল বিৰোধী শ্ল'গানেৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । ধুবুৰীত পুঁজিপতি কোম্পানীয়ে নির্মাণ কৰি থকা এটা পেট্ৰ'ল পাম্পৰ বিৰুদ্ধে গৰজি উঠিছে কলেজীয়া শিক্ষাৰ্থীৰ লগতে স্থানীয় একাংশ ।
ইতিহাস হ'ব নেকি ধুবুৰীৰ ঐতিহাসিক চৰকাৰী বাছ আস্থান ? - চৰকাৰী বাছ আস্থান
ক্ৰমাৎ কালৰ গৰ্ভত হেৰাই গৈ ইতিহাস হ'বলৈ গৈ আছে সত্তৰৰ দশকত স্থাপন হোৱা ধুবুৰীৰ ঐতিহাসিক চৰকাৰী বাছ আস্থান। দীৰ্ঘ দিনে মৃত্যু ঘণ্টা বাজি থকা চৰকাৰী বাছ আস্থান এতিয়া পুঁজিপতিৰ দখলত । বাছ আস্থান ভাঙি পুঁজিপতিয়ে নির্মাণ কৰিব পেট্ৰল পাম্প। ইপিনে পেট্ৰল পাম্পৰ বিৰুদ্ধে আজি শ্ৰেণী কোঠা এৰি ৰাজপথত নামিলে শ শ কলেজীয়া শিক্ষাৰ্থী ।
![ইতিহাস হ'ব নেকি ধুবুৰীৰ ঐতিহাসিক চৰকাৰী বাছ আস্থান ?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4199030-690-4199030-1566383319985.jpg)
উল্লেখ্য যে সত্তৰৰ দশকত স্থাপন হোৱা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ধুবুৰীৰ চৰকাৰী বাছ আস্থান ভাঙি পুঁজিপতিয়ে নির্মাণ কৰিব পেট্ৰল পাম্প । এটা সময়ত অবিভক্ত গোৱালপাৰা জিলাৰ বহিঃবিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল এইটো চৰকাৰী এএছটিচি বাছ আস্থান । কিন্তু বৰ্তমান যেন কাগজ কলমতহে আছে এইটো চৰকাৰী বাছ আস্থান । কাৰণ সত্তৰৰ দশকৰ ঐতিহাসিক ধুবুৰীৰ চৰকাৰী এএছটিচি বাছ আস্থান উটি গৈ ইয়াৰ নির্মাণ হবলৈ গৈছে হিন্দুস্থান পেট্ৰল পাম্প । ওচৰৰ শিক্ষানুষ্ঠান আৰু ধুবুৰী সাহিত্য সভাৰ লগতে স্থানীয় ৰাইজ আৰু ৱাৰ্ড কমিছনাৰৰ বাধাক নেওচি পূৰ্ণ গতিত চলাই গৈছে পেট্ৰল পাম্পৰ নিৰ্মাণ কাৰ্য । ইপিনে পেট্ৰ'ল পাম্প নিৰ্মাণৰ বিৰোধিতা কৰি ইতিমধ্যে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দিয়াৰ পিছতো কোনো সঁহাৰি নোপোৱাৰ ফলত বুধবাৰে এইদৰে ৰাজপথ আৰু বাছ আস্থানত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত কলেজীয়া শিক্ষাৰ্থী সকলে ।