ধুবুৰী, ১১ জুলাই :শিশু ধৰ্ষণৰ গোচৰৰ অভিযুক্ত এজনক সোমবাৰে ধুবুৰীৰ বিশেষ আদালতে আজীৱন কাৰাদণ্ড বিহাৰ লগতে এক লাখ টকা জৰিমনা বিহে(Assam man gets life sentence for raping) ৷ ২০২০ চনৰ ১৬ জানুৱাৰীত ধুবুৰী চহৰৰ ১২ নম্বৰ ৱাৰ্ডৰ এগৰাকী শিশু কন্যাক(10) ধৰ্ষণ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল স্থানীয় দেৱেশ বিশ্বাস(২৭) নামৰ এজন যুৱকজনৰ বিৰুদ্ধে । নিৰ্যাতনৰ বলি হোৱা শিশুটিৰ ঘৰৰ কাষতেই ঘৰ আছিল দেৱেশ বিশ্বাসৰ । প্ৰতিবেশী হিচাপে দেৱেশ বিশ্বাসৰ ঘৰৰ চাদৰ ওপৰত শুকাবলৈ দিয়া কাপোৰ আনিবলৈ বিয়লি চাদলৈ যায় শিশুটি ।
উক্ত দিনা দেৱেশ বিশ্বাসে কোনো লোক নথকাৰ সুযোগ লৈ শিশুটিক ঘৰৰ ভিতৰলৈ আনি যৌন নিৰ্যাতন চলায় ৷ পাছত শিশুটিয়ে ঘটনাৰ বিষয়ে সকলো কথা মাকক বিৱৰি কোৱাত ১৯ জানুৱাৰীত মাতৃয়ে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১১০/২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ ৩৭৬(এ বি)/৫০৬ আৰু POCSO আইনৰ অধীনৰ R/W ৬ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল ।