ধুবুৰী, 2 এপ্ৰিল: লোকসভা নিৰ্বাচন সমাগত ৷ নিৰ্বাচনী প্ৰচাৰক লৈ ব্যাপক তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত ৷ সোমবাৰে ধুবুৰীৰ ৰাজীৱ ভৱনত উপস্থিত হ’ল ধুবুৰীৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী ৷ ৰাজীৱ ভৱনত অনু্ষ্ঠিত কৰ্মী সভাত অংশ লৈ এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল ফেক্টৰ নহয় বুলি উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ লগতে কয় যে, যদি ফেক্টৰ হয় তেনেহ’লে বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামহে হ’ব ৷
ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ বাবে কোন হ’ব ফেক্টৰ ? - etv bharat
ধুবুৰীৰ ৰাজীৱ ভৱনৰ দলীয় কৰ্মী সভাত কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক সম্বৰ্ধনা ৷ বদৰুদ্দিন আজমল নহয়, অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামহে ফেক্টৰ হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে ৷
ইফালে নিৰ্বাচনত প্ৰাৰ্থিত্ব নোপোৱা সন্দৰ্ভত দলীয় কৰ্মীৰ লগতে প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতা সকলৰ মাজত সৃষ্টি হোৱা বিসম্বাদ তথা সংঘাতৰ সন্দৰ্ভত তেওঁ কয় যে, ‘‘আমি সকলো তেজ মঙহৰে গঢ়া মানুহ ৷ প্ৰাৰ্থিত্বনাপালে অলপ আবেগ থাকিবই ৷ কিন্তু সম্প্ৰতি সকলো মীমাংসাহৈছে ৷’’
অহা 3 এপ্ৰিল বুধবাৰে কংগ্ৰেছ প্ৰেক্ষপিত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে দাখিল কৰিব নিজৰ মনোনয়ন পত্ৰ ৷ উল্লেখ্য যে, প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰা অনুসৰি জাবেদ ইছলাম যদি ফেক্টৰ হয় তেনেহ’লে, ধুবুৰীৰ লোকসভা সমষ্টিৰ পৰা অগপ-বিজেপি মিত্ৰদল, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ত্ৰিকোণীয়া যুঁজ হোৱাতো নিশ্চিত ৷