অসম

assam

ETV Bharat / city

ধুবুৰীত লিগেল চাৰ্ভিছ অথৰিটিৰ প্ৰভাত ফেৰী - Dhubri legal sevice authority relly

অতি দৰিদ্ৰ আৰু অসহায় লোকসকলৰ উপৰিও নিৰ্যাতিত পৰিয়াল, বিশেষভাৱে সক্ষম লোক আৰু বছৰি তিনি লাখতকৈ কম উপাৰ্জন থকা সকলৰ বাবে দহটাকৈ বিশেষ আঁচনি লৈ ৰাইজৰ মাজলৈ আহিছে লিগেল চাৰ্ভিছ অথৰিটি (legal sevice authority) ৷

probhat feri in Dhubri
ধুবুৰীত লিগেল চাৰ্ভিছ অথৰিটিৰ প্ৰভাত ফেৰী

By

Published : Nov 15, 2021, 11:34 AM IST

ধুবুৰী, 15 নৱেম্বৰ : ধুবুৰীৰ নিঃসহায়, দৰিদ্ৰ আৰু অসহায় লোকসকলৰ বাবে দহটাকৈ বিশেষ আঁচনি লৈ ৰাইজৰ মাজলৈ আহিছে লিগেল চাৰ্ভিছ অথৰিটি (legal sevice authority)। ধুবুৰী জিলা লিগেল চাৰ্ভিছৰ সম্পাদিকা জীৱছি দেৱৰ উপস্থিতিত পেনেল এডভোকেটক লগত লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত থকা জিলা লিগেল চাৰ্ভিছ অথৰিটিৰ কাৰ্যালয়ৰ পৰা সাংস্কৃতিক প্ৰভাত ফেৰী উলিওৱা হয় ৷

ধুবুৰীত লিগেল চাৰ্ভিছ অথৰিটিৰ প্ৰভাত ফেৰী

বিগত অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা এই সজাগতামূলক কাৰ্যসূচীৰ অন্তিম দিনা অৰ্থাৎ দেওবাৰে এই প্ৰভাত ফেৰী উলিওৱা হয় । হাতে হাতে প্লে' কাৰ্ড লৈ ধুবুৰী চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি ৰাইজৰ বিনামূলীয়া আইনী সেৱা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই প্ৰভাত ফেৰী উলিওৱা হয় ৷

উল্লেখ্য যে, অতি দৰিদ্ৰ আৰু অসহায় লোকসকলৰ উপৰিও নিৰ্যাতিত পৰিয়াল, বিশেষভাৱে সক্ষম লোক আৰু বছৰি তিনি লাখতকৈ কম উপাৰ্জন থকা সকলক এই আঁচনিৰ অধীনত সম্পূৰ্ণ বিনামূলীয়াভাৱে আইনী সাহাৰ্য প্ৰদান কৰা হ'ব ।

ইয়াৰ উপৰি অন্যান্য সমস্যাসমূহো সমাধান কৰি দিয়া হ’ব বুলি কয় জিলা লিগেল চাৰ্ভিছ অথৰিটিৰ সম্পাদিকা গৰাকীয়ে । লগতে এইক্ষেত্ৰত যিকোনো অসুবিধাৰ বাবে ধুবুৰী জিলা লিগেল চাৰ্ভিছ (dhubri legal sevice authority)ৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ সকলো ৰাইজক আহ্বান জনায় লিগেল চাৰ্ভিছে ।

লগতে পঢ়ক:Tripura violence : কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰিলে দুই মহিলা সাংবাদিকক

ABOUT THE AUTHOR

...view details