অসম

assam

ETV Bharat / city

ধুবুৰী উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাক বিশেষ সম্বৰ্ধনা

কোভিড-19ৰ সময়ছোৱাত আইন-শৃংখলা অটুট ৰখাৰ বাবে ধুবুৰী উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাক বিশেষ সম্বৰ্ধনা জ্ঞাপন ৷

ধুবুৰী উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাক বিশেষ সম্বৰ্ধনা
ধুবুৰী উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাক বিশেষ সম্বৰ্ধনা

By

Published : Jun 30, 2020, 8:09 PM IST

ধুবুৰী, 30 জুন : কোভিড যোদ্ধাৰূপী ধুবুৰী জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাক বিশেষভাৱে সম্বৰ্ধনা প্ৰেৰণা মঞ্চ, অসমৰ । ধুবুৰী জিলাৰ সাপটগ্ৰাম অঞ্চলৰ সাহিত্য আৰু সংস্কৃতিৰ ওপৰত ভিত্তি কৰি গঠন হোৱা প্ৰেৰণা মঞ্চ অসম নামৰ সংগঠনটোৱে মঙলবাৰে উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাক এখনি ফুলাম গামোচা, জাপি, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

প্ৰেৰণা মঞ্চ, অসমে ত্ৰিনয়ন ভূঞাক সম্বৰ্ধনা জনোৱাৰ এটি মুহুৰ্ত

জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ কাৰ্যালয়ত প্ৰেৰণা মঞ্চ,অসমৰ আহ্বায়ক তথা সাংবাদিক ছত্ৰপতি গোস্বামী, সদস্য ধনঞ্জয় সিনহা, আছুৰ কেন্দ্ৰীয় সদস্য নিৰ্মল দাসকে ধৰি মঞ্চৰ কেইবাজনো সদস্যই জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাক সাক্ষাৎ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে ।

ত্ৰিনয়ন ভূঞাক প্ৰদান কৰা মানপত্ৰখন

কৰ'ণা মহামাৰীক প্ৰতিৰোধ কৰাৰ বাবে বলৱৎ হৈ থকা লকডাউনৰ সময়ত সামাজিক সচেতনতাৰ ক্ষেত্ৰত জিলা উপ-আৰক্ষী অধীক্ষক ভূঞাই নিজৰ কৰ্তব্য পালন কৰি যোৱাৰ লগতে লকডাউনৰ সময়ছোৱাত জিলা উপ-আৰক্ষী অধীক্ষক গৰাকীৰ সু-পৰিচালনাত গঠন হোৱা আৰক্ষীৰ দল এটাই ৰোগাক্ৰান্ত লোকৰ ঘৰৰ দুৱাৰত প্ৰয়োজনীয় ঔষধ-পাতিৰ যোগান ধৰাত দুখীয়া, অসুস্থ ৰোগীসকল যথেষ্ট উপকৃত হৈছিল । ইয়াৰ প্ৰতি লক্ষ্য কৰি এইদৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে মহানুভৱতা দেখুওৱা জিলা উপ-আৰক্ষী অধীক্ষকগৰাকীক ৷

ধুবুৰী উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাক বিশেষ সম্বৰ্ধনা

ইপিনে সম্বৰ্ধনা গ্ৰহণ কৰি এই কাৰ্যত নিয়োজিত সকলো আৰক্ষী কনিষ্টবল, গৃহৰক্ষী বাহিনী সকলোৰে হৈ এই সম্বৰ্ধনা গ্ৰহণ কৰা বুলি মন্তব্য কৰে উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে । উল্লেখযোগ্য যে, জিলা উপ-আৰক্ষী অধীক্ষক গৰাকীৰ এনে মহানুভৱতাক সকলোৱে শলাগ লৈছে ।

লগতে পঢ়কঃধুবুৰীত ড্ৰাগছসহ আৰক্ষীৰ জালত 4 জন

ABOUT THE AUTHOR

...view details