অসম

assam

ETV Bharat / city

স্বাধীনতা দিৱসৰ পেৰেডত অংশ ল'বলগীয়া আৰক্ষীৰ দেহত কোভিড-19 - দেশৰ ৭৪তম স্বাধীনতা দিৱসৰ পেৰেড

ধুবুৰী জিলাত পুনৰ 75 জন কোভিডত আক্ৰান্ত । জিলাখনত আক্ৰান্তৰ সংখ্যা 1730 জনলৈ বৃদ্ধি ।

স্বাধীনতা দিৱসৰ পেৰেডত অংশ ল'বলগীয়া আৰক্ষীৰ দেহত কোভিড-19
স্বাধীনতা দিৱসৰ পেৰেডত অংশ ল'বলগীয়া আৰক্ষীৰ দেহত কোভিড-19

By

Published : Aug 12, 2020, 1:29 AM IST

ধুবুৰী, 12 আগষ্ট :স্বাধীনতা দিৱসলৈ মাজত দুটা দিন বাকী থকা অৱস্থাতে ধুবুৰীত কোভিড-19ৰ ভয়াৱহ গণ-সংক্ৰমণ ধৰা পৰিছে ৷ 15 আগষ্টৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া আৰক্ষীৰ দেহতো ইতিমধ্যে ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি ৷

স্বাধীনতা দিৱস উদযাপন কৰিবলগীয়া পেৰেড গ্ৰাউণ্ডত ৰেপিড টেষ্টত কেইবাজনো আৰক্ষীৰ দেহত ধৰা পৰে কোভিড পজিটিভ । ধুবুৰী জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা । জিলাখনত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইয়ে আছে ।

মঙলবাৰে জিলাখনত সৰ্বাধিক ৭৫ জন লোকৰ দেহত কৰ'ণা পজিটিভ পোৱা গৈছে । ধুবুৰী জিলাত এই পৰ্যন্ত মুঠ ১৭৩০ জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে যদিও ১২১৬জন লোক সুস্থ হৈ উঠাত তেওঁলোকক মুকলি কৰি দিয়া হৈছে । বৰ্তমানে ৫১৪জন কোভিড আক্ৰান্ত ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে ।

মঙলবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৯জন লোকক কোৱাৰেন্টাইনত ৰখা হৈছে । বৰ্তমানে জিলাখনৰ ৪টা শিবিৰত ৭৫জন লোকক কোৱাৰেন্টাইনত ৰখা হৈছে । মঙলবাৰে ধুবুৰী চহৰত ১৫২জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট কৰা হয় ৷ তাৰ ভিতৰত ৭জন লোকৰ গাত কোভিড পজিটিভ ধৰা পৰে ।

স্বাধীনতা দিৱসৰ পেৰেডত অংশ ল'বলগীয়া আৰক্ষীৰ দেহত কোভিড-19

দেশৰ ৭৪তম স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষী বিষয়া,জোৱান আৰু গৃহৰক্ষী বাহিনীৰ আজি কৰ'ণাৰ ৰেপিড টেষ্ট কৰা হয় ধুবুৰী ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত । মুঠ এশগৰাকী আৰক্ষীৰ লগতে মুঠ ১৫২জনৰ টেষ্ট কৰা হয় যদিও ইয়াৰে এগৰাকী মহিলা আৰক্ষীসহ পাঁচজন আৰক্ষীকে ধৰি মুঠ ৭জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে ।

লগতে পঢ়ক :ধুবুৰীত কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ সংবাদমেল

For All Latest Updates

ABOUT THE AUTHOR

...view details